ইন্টাৰনেশ্যনেল ডেস্ক, ৩ এপ্ৰিল: পুনৰ উত্তপ্ত হৈছে আমেৰিকাৰ কেপিটল হিল । লক ডাউন জাৰি কৰা হয় কেপিটল হিলত । ঘটনা অনুসৰি, শুকুৰবাৰে কেপিটল হিলৰ বাহিৰত এখন বাহনে বেৰিকেডত খুন্দা মাৰিছিল । তাৰ পাচতে বাহনখনৰ ভিতৰৰ পৰা চালকজনে এখন চুৰী লৈ ওলাই অহাত কেপিটল হিলৰ চৌহদত কৰ্তব্যৰত আৰক্ষীয়ে চালকজনক গুলীয়ায় । বিপৰীতে কেপিটল আৰক্ষীৰ দুজন বিষয়া আহত হয় । এই চাঞ্চল্যকৰ ঘটনাৰ পাচতে কেপিটল হিলত লক ডাউন জাৰি কৰা হয় ।
পুনৰ উত্তপ্ত কেপিটল হিলঃ লক ডাউন ঘোষণা - কেপিটল হিলৰ বাহিৰত এখন বাহনে বেৰিকেডত খুন্দা মাৰিছিল
পুনৰ উত্তপ্ত কেপিটল হিল । সম্প্ৰতি কোনো কৰ্মচাৰীকে ভনৱৰ পৰা বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞা ৷
পুনৰ উত্তপ্ত কেপিটল হিলঃ লক ডাউন জাৰি
এই ঘটনাতো কেপিটলৰ ওচৰৰ চেক পইণ্টৰ ওচৰত সংঘটিত হৈছিল বুলি জনায় কেপিটল আৰক্ষীয়ে । ঘটনাৰে জৰিত অভিযুক্ত চালকজনক আৰক্ষীৰ জিম্মাত ৰখা হৈছে । ইফালে, আহত কেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও এগৰাকীৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে । উল্লেখ্য যে, যোৱা ৬ জানুৱাৰীত ট্ৰাম্প প্ৰশাসনে কেপিটল হিলত চলোৱা বৰ্বৰ আক্ৰমণৰ পাচত শেহতীয়াকৈ কেপিটল হিলৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পাচতে শুকুৰবাৰে এই ঘটনাতো সংঘটিত হয় ।
লগতে পঢ়ক: পূৱ টাইৱানত ৰে'ল দুৰ্ঘটনাত ৩৪ জনৰ মৃত্যু