ইণ্টাৰনেশ্যনেল ডেস্ক,7 জানুৱাৰী : আমেৰিকা কেপিট’ল হিলৰ বাহিৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হোৱাৰ অন্তত সেই ঠাইত বেৰিকেড দিয়া হয় ৷
এই হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ মাজতে হোৱাইট হাউছৰ উপ প্ৰেছ সচিব চাৰা মেত্থুজে ট্ৰাম্প প্ৰশাসনৰ পৰা পদত্যাগ কৰে ৷ আনহাতে, ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্পৰ চীফ অৱ ষ্টাফ ষ্টেফনী গ্ৰিশমেও পদত্যাগ কৰে ৷
নিৰ্বাচনী সংক্ৰান্ত ড’নাল্ড ট্ৰাম্পে দিয়া ভাষণৰ অন্তত আমেৰিকাৰ কেপিট’ল হিলৰ বাহিৰত ট্ৰাম্পৰ সমৰ্থক আৰু আৰক্ষী বাহিনীয়ে সংঘৰ্ষত লিপ্ত হোৱা পৰিলক্ষিত হয় ৷ ইয়াৰ পাচতে সম্পূৰ্ণ কেপিট’ল হিল স্তব্ধ কৰি দিয়া হয় ৷ এই হিংসাৰ মাজতে এগৰাকী মহিলা গুলিবিদ্ধ হৈ নিহত হোৱা বুলি জানিব পৰা গৈছে ৷
আনহাতে, বাহিৰৰ অসুৰক্ষিত পৰিস্থিতিৰ বাবে কেপিট’লৰ ভিতৰৰ কোনো ব্যক্তি বাহিৰলৈ ওলাই নাযাবলৈ অনুৰোধ জনোৱা হয় ৷ যেতিয়া নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে সাংসদসকল কেপিট’ল হিলৰ ভিতৰত বহি আছিল, তেতিয়াই আমেৰিকা কেপিট’ল আৰক্ষীয়ে ভিতৰৰ সুৰক্ষাৰ উলংঘনৰ ঘোষণা কৰে ৷