ইণ্টাৰনেশ্যনেল ডেস্ক,7 জানুৱাৰী : আমেৰিকা কেপিট’ল হিলত হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত হোৱা হতাহতিৰ মাজতে মাইক্ৰ’ব্লগিং চাইট টুইটাৰৰ কৰ্তৃপক্ষই ট্ৰাম্পৰ টুইটাৰ একাউণ্ট লক্ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
ট্ৰাম্পৰ টুইটাৰ একাউণ্ট লক্ ইয়াৰ পৰিপ্ৰেক্ষিতত ফেচবুক আৰু ইনষ্টাগ্ৰাম কৰ্তৃপক্ষয়ো এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে ৷
চ’ছিয়েল মিডিয়াৰ নিয়ম উলংঘন কৰাৰ অভিযোগ তুলি টুইটাৰ কৰ্তৃপক্ষই কয় যে, ট্ৰাম্পৰ তিনিটা টুইট একাউণ্টৰ পৰা আঁতৰোৱা হৈছে ৷ টুইট আঁতৰোৱাৰ পাচত তেওঁৰ একাউণ্টটো 12 ঘণ্টাৰ বাবে লক্ কৰি দিয়া হৈছে ৷
ট্ৰাম্পৰ টুইটাৰ একাউণ্ট লক্ ইয়াৰ লগতে, ভৱিষ্যতে টুইটাৰৰ নিয়ম উলংঘন কৰিলে ট্ৰাম্পৰ একাউণ্ট স্থায়ীভাৱে বন্ধ কৰি দিয়াৰ কথা উল্লেখ কৰে কৰ্তৃপক্ষই ৷
লগতে পঢ়ক :আমেৰিকাক হুংকাৰ শীৰ্ষ ইৰাণী কমাণ্ডাৰৰ