অসম

assam

ETV Bharat / international

চীনা সামৰিক বাহিনীৰ সম্পৰ্কযুক্ত 9টা কোম্পানী নিষিদ্ধকৰণ আমেৰিকাৰ - আমেৰিকা

চীনা সামৰিক বাহিনীৰ নিয়ন্ত্ৰণত থকা 9টা কোম্পানীক নিষিদ্ধ ঘোষণা কৰিছে আমেৰিকাই ৷ চাওমী কৰ্প’ৰেশ্বনৰ উপৰিও নিষিদ্ধ হোৱা কোম্পানীসমূহ ক্ৰমে- AMEC, LKCO, GOWIN, GCAC, GTCOM, CNAH আৰু COMAC ৷

US blacklists 9 more corporations with ties to Chinese military
চীনা সামৰিক বাহিনীৰ সম্পৰ্কযুক্ত 9টা কোম্পানী নিষিদ্ধকৰণ আমেৰিকাৰ

By

Published : Jan 15, 2021, 9:34 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,15 জানুৱাৰী : মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৈতে সহযোগিতা স্থাপন কৰা চীনা সামৰিক বাহিনীৰ নিয়ন্ত্ৰণত থকা 9টা কৰ্প’ৰেশ্বন তথা কোম্পানীক বৃহস্পতিবাৰে নিষিদ্ধ ঘোষণা কৰে আমেৰিকাই ৷ নিষিদ্ধ ঘোষণা কৰা কোম্পানী সমূহৰ ভিতৰত ফোন মেকাৰ আৰু চাওমী এপো অন্তৰ্ভুক্ত হৈ আছে ৷

2020 বৰ্ষৰ জুন মাহত প্ৰতিৰক্ষা বিভাগে কোম্পানীসমূহ কংগ্ৰেছক মুকলি কৰি দিছিল ৷ ইয়াৰ পাচতে বিভাগে ডিচেম্বৰ মাহত তালিকাত অধিক কোম্পানী সংযোগ কৰিছিল । সম্প্ৰতি 40 টা নিষিদ্ধ কৰা কোম্পানীৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে ৷

প্ৰতিৰক্ষা বিভাগে বিত্তীয় বৰ্ষ 1999ৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা অনুমোদন আইনৰ ধাৰা 1237ৰ বিধিবদ্ধ প্ৰয়োজনীয়তা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কাম কৰি থকা অতিৰিক্ত ‘কমিউনিষ্ট চীনা সামৰিক কোম্পানী’ৰ নাম মুকলি কৰে ৷

বিগত বৰ্ষৰ নৱেম্বৰত ট্ৰাম্পে এক কাৰ্যকৰী আদেশত স্বাক্ষৰ কৰিছিল, য’ত আমেৰিকাই নিষিদ্ধ ঘোষণা কৰা প্ৰতিষ্ঠানত বিনিয়োগ কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল । এই কোম্পানীবোৰৰ শ্বেয়াৰৰ স্বত্বাধিকাৰীসকলে চলিত বৰ্ষৰ 11 নৱেম্বৰৰ ভিতৰত ইয়াৰ পৰা মুক্তি পাব লাগিব।

চাওমী কৰ্প’ৰেশ্বনৰ উপৰিও নিষিদ্ধ হোৱা কোম্পানীসমূহ ক্ৰমে- AMEC, LKCO, GOWIN, GCAC, GTCOM, CNAH আৰু COMAC ইত্যাদি ৷

লগতে পঢ়ক :বাংলাদেশৰ ৰহিংগিয়া শৰণাৰ্থী শিবিৰত ভয়ংকৰ অগ্নিকাণ্ডত গৃহহাৰা বহু

ABOUT THE AUTHOR

...view details