ইন্টাৰনেশ্বনেল ডেস্ক, 27 ছেপ্টেম্বৰ : জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পাকিস্তানক নিৰ্দেশ প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ আজহাৰৰ উপৰি যিসকল সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ ভূমিৰ পৰা সন্ত্ৰাসবাদ চলাই আহিছে সেই সকলোকে অতি সোনকালে আটক কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷
দক্ষিণ আৰু মধ্য এছিয়াৰ আমেৰিকান কাৰ্যবাহী সচিব এলিচ ৱেলছে মন্তব্য কৰে যে, ভাৰত আৰু পাকিস্তানৰ দৰে দুই পাৰমাণৱিক শক্তিয়ে গঠনমূলক আলোচনাৰ জৰিয়তে তেওঁলোকৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি সাধন কৰিব পাৰিব ৷ হাফিজ ছৈয়দৰ দৰেই জইছ-ই-মহম্মদৰ নেতা আৰু পাকিস্তানৰ ভূমিৰ পৰা সন্ত্ৰাস বিয়পোৱা সকলো সন্ত্ৰাসবাদীকে আটক কৰিবলৈ আমেৰিকাই দাবী কৰোৱা বুলি মন্তব্য কৰে এলিচ ৱেলছে ৷