ইণ্টাৰনেশ্বনেল ডেস্ক, 28 আগষ্ট :আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে শনিবাৰে আফগানিস্তানত ইছলামিক ষ্টেট(IS)ক লক্ষ্য কৰি এয়াৰ ষ্টাইক চলায় ৷ আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ বাহিৰত বৃহস্পতিবাৰে সংঘটিত আত্মঘাতী বোমা(Suicide bomber) বিস্ফোৰণৰ প্ৰত্যুত্তৰ হিচাপে আমেৰিকাই এই এয়াৰ ষ্টাইক চলোৱাৰ কথা জানিব পৰা হৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে এই অভিযানত কাবুল বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ডক হত্যা কৰা বুলি দাবী কৰিছে ।
আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ বাহিৰত বৃহস্পতিবাৰে দুটাকৈ আত্মঘাতী বোমা(Suicide bomber) বিস্ফোৰণ ঘটে । এই আত্মঘাতী বোমা বিস্ফোৰণৰ কাবুল প্ৰায় ১৬৯ গৰাকী আফগান আৰু ১৩ গৰাকী আমেৰিকান নিহত হৈছিল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে কাবুলত আক্ৰমণৰ পৰিকল্পনাত জড়িত নাংগাহাৰত ইছলামিক ষ্টেটৰ এজন সদস্যৰ বিৰুদ্ধে ড্ৰোণ আক্ৰমণ কৰাৰ কথা জানিবলৈ দিয়ে ।