ইণ্টাৰনেশ্যনেল ডেস্ক,20 ডিচেম্বৰ : 2021 বৰ্ষত ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি চমুকৈ UNICEFয়ে প্ৰতিমাহে মুঠ 850 টন ক’ভিড-19ৰ প্ৰতিষেধক Covax প্ৰদান কৰাৰ সম্ভাৱনা আছে ৷ শুকুৰবাৰে এক প্ৰতিবেদনযোগে এই কথা প্ৰকাশ পাইছে ৷
UNICEFয়ে লোৱা এই পদক্ষেপক এক ঐতিহাসিক পদক্ষেপ বুলি কাৰ্যবাহী নিৰ্দেশক হেনৰিটা ফ’ৰে সদৰি কৰে ৷ লগতে তেওঁ কয় যে, এই পদক্ষেপ অতি বিপদজনক যদিও তেওঁলোকে ইয়াৰ মুখামুখি হ’বলৈ সাজু ৷
2021 বৰ্ষত ক’ভিড-19ৰ প্ৰতিষেধক প্ৰদান কৰাৰ প্ৰত্যাহ্বান ভালদৰে বুজাৰ ক্ষেত্ৰত UNICEFয়ে বিশ্বজুৰি আকাশ মাৰ্গেৰে বহন ক্ষমতা আৰু পৰিবহণৰ পথবোৰ চালি-জাৰি চাইছিল ৷ ইয়াৰ অন্তৰালত সংস্থাটোৱে দেখিলে যে, বাণিজ্যিক এয়াৰলাইনছে নিম্ন আৰু নিম্ন-মধ্য আয়ৰ 92 খন দেশত প্ৰতিষেধক প্ৰদান কৰিব পাৰিব ৷ এই দেশসমূহৰ আনুমানিক ব্যয় প্ৰায় 70 নিযুত ডলাৰ বুলি নিউজ এজেন্সীযোগে প্ৰকাশ পাইছে ৷