অসম

assam

ETV Bharat / international

COVID-19: সুৰক্ষা পৰিষদত ভাৰতৰ অস্থায়ী সদস্য় পদকলৈ অনিশ্চয়তা - নিৰ্বাচন অনুষ্ঠিত কৰা সম্পৰ্কত বৰ্তমানলৈকে গ্ৰহণ কৰা নাই কোনো সিদ্ধান্ত

অনিশ্চয়তাই দেখা দিছে সুৰক্ষা পৰিষদত ভাৰতৰ অস্থায়ী সদস্য় পদকলৈ ৷ COVID-19 ৰ ফলত নিৰ্বাচন অনুষ্ঠিত কৰা সম্পৰ্কত বৰ্তমানলৈকে গ্ৰহণ কৰা নাই কোনো সিদ্ধান্ত ৷

COVID-19
সুৰক্ষা পৰিষদত ভাৰতৰ অস্থায়ী সদস্য় পদকলৈ অনিশ্চয়তা

By

Published : Apr 25, 2020, 10:02 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 25 এপ্ৰিল : অহা বছৰত ভাৰতক ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত এখন অস্থায়ী আসন প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰা হৈছিল ৷ কিন্তু, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ নেতৃবিন্দই নিৰ্বাচন কিদৰে অনুষ্ঠিত কৰিব সেই সম্পৰ্কত এতিয়াও ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ COVID-19 মহামাৰীৰ ফলত সদস্য় ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকল ভোট প্ৰদানৰ বাবে সোঁশৰীৰে উপস্থিত থাকিব নোৱাৰে বাবে এই ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে ৷

সাধাৰণ সভাৰ সভাপতি তিজ্জানী মুহমদ বান্দেৰ মুখপাত্ৰ ৰিম আবাজাই শুকুৰবাৰে কয় যে, নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত বৰ্তমানেও কোনো সিন্ধান্ত গ্ৰহণ কৰা নাই ৷

তেওঁ লগতে কয় যে, জুনত অনুষ্ঠিত হ'বলগা এই নিৰ্বাচৰ বাবে এই মাহৰ শেষত সিদ্ধান্ত গ্ৰহণ কৰিব অথবা সদস্য ৰাষ্ট্ৰসমূহৰ পৰাও এই সম্পৰ্কত মত গ্ৰহণ কৰিব পাৰে ৷

উল্লেখ্য যে, এই অস্থায়ী আসনসমূহ আঞ্চলিক ভিত্তিত দিয়া হয় আৰু এই বছৰ ইণ্ডোনেছিয়াৰ দুবছৰীয়া সময়সীমা শেষ হোৱাৰ পাচত খালী হ'বলগা এই আসনৰ বাবে এছিয়া মহাদেশৰ বহু দেশে ভাৰতক এই আসনৰ বাবে সমৰ্থন আগবঢ়াইছে ৷ আনহাতে, ভাৰতে লাভ কৰা সমৰ্থন প্ৰত্যক্ষ কৰি চীন আৰু পাকিস্তানে এই ঐক্যমতত সন্মতি জনাবলৈ বাধ্য় হৈছিল ৷

ইয়াৰ পৰা এইটো নিশ্চিত আছিল যে, ভাৰতে সদস্য পদ দখল কৰিব ৷ কিন্তু, নিৰ্বাচনৰ বাবে সকলো দেশে আনুষ্ঠানিকভাৱে ভোট প্ৰদান কৰিব লাগিব ৷ COVID-19 ৰ ফলত ৰাষ্ট্ৰসংঘৰ মুখ্য় কাৰ্যালয়ো বন্ধ হৈ পৰাৰ ফলত সাধাৰণ সভাই প্ৰতিনিধি সকলৰ সৈতে নিৰ্বাচন সম্পৰ্কত কোনো বৈঠকৰ আয়োজন কৰিব পৰা নাই ৷

উল্লেখ্য় যে, অত্যাৱশ্যকীয় বিষয়ত মৌন ভোটিং গ্ৰহণ কৰাৰো এক ব্য়ৱস্থা আছে ৷ সেই ব্যৱস্থা অনুসৰি, 72 ঘন্টাৰ ভিতৰত কোনো দেশে ইচ্ছা কৰিলে এই সিদ্ধান্তৰ বিৰোধিতা কৰিব পাৰে, এয়া নকৰিলে সিদ্ধান্তটো সকলোৱে গ্ৰহণ কৰা বুলি মানি লোৱা হয় ৷

ABOUT THE AUTHOR

...view details