অসম

assam

ETV Bharat / international

লিংগভিত্তিক হিংসা প্ৰতিৰোধৰ বাবে মহিলা সংস্থাক বৃহৎ পুঁজি ৰাষ্ট্ৰসংঘৰ

বুধবাৰে ৰাষ্ট্ৰসংঘৰ 25 মিলিয়ন আমেৰিকান ডলাৰৰ ঘোষণা ৷ লিংগভিত্তিক হিংসা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত জনসংখ্যা কোষ (UNFPA) আৰু মহিলা নেতৃত্বাধীন সংস্থাক এই পুঁজি প্ৰদান কৰে ৰাষ্ট্ৰসংঘই ৷

By

Published : Nov 26, 2020, 9:13 AM IST

UN releases USD 25 million for women-led projects fighting gender-based violence
লিংগভিত্তিক হিংসা প্ৰতিৰোধৰ বাবে মহিলা সংস্থাক বৃহৎ পুঁজি প্ৰদান ৰাষ্ট্ৰসংঘৰ

নিউজ ডেস্ক,26 নৱেম্বৰ : লিংগভিত্তিক হিংসা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত মহিলা নেতৃত্বাধীন সংস্থাক সমৰ্থন কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘই 25 মিলিয়ন আমেৰিকান ডলাৰৰ ঘোষণা কৰে ৷

এই পুঁজি ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ জনসংখ্যা কোষ (UNFPA) আৰু ৰাষ্ট্ৰসংঘৰ মহিলাসকললৈ প্ৰেৰণ কৰা হৈছে ৷ লিংগভিত্তিক হিংসাত্মক যুঁজ দি থকা মহিলা সংস্থাবোৰক প্ৰায় 30 শতাংশকৈ পুঁজি প্ৰদান কৰিবলৈ ৰাষ্ট্ৰসংঘই নিৰ্দেশ জাৰী কৰে ৷ পীড়িতাসকলৰ চিকিৎসা,পৰিয়াল পোহপাল,আইনী সহায়,সুৰক্ষিত স্থান, মানসিক স্বাস্থ্য সেৱা আৰু পৰামৰ্শ আদিৰ ক্ষেত্ৰত বুধবাৰে ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ে এক প্ৰেছ বিজ্ঞপ্তি মুকলি কৰে ৷

UNFPAয়ে 17 মিলিয়ন আৰু ৰাষ্ট্ৰসংঘৰ মহিলাসকলে 8 মিলিয়ন আমেৰিকান ডলাৰ লাভ কৰিব ৷ প্ৰেছ বিজ্ঞপ্তিত উল্লেখিত অনুসৰি,এই পুঁজি ক’ত কেনেকৈ খৰচ কৰিব লাগে সেয়া UNFPA আৰু ৰাষ্ট্ৰসংঘৰ মহিলাসকলৰ ওপৰত নিৰ্ভৰ কৰিব ৷

UNFPAৰ কাৰ্যবাহী নিৰ্দেশক নাতালিয়া কানেমে কয় যে,এই হিংসাৰ বিৰুদ্ধে যুঁজিবলৈ এয়া সময় আহি পৰিছে ৷ বুধবাৰে এই পদক্ষেপটো ঘোষণা কৰা হয় আৰু আগন্তুক 10 ডিচেম্বৰ অৰ্থাৎ মানৱ অধিকাৰ দিৱসৰ দিনা ইয়াক কাৰ্যকৰী কৰা হ’ব ৷

ৰাষ্ট্ৰসংঘৰ মহিলা কাৰ্যবাহী নিৰ্দেশক Phumzile Mlambo-Ngcukaয়ে কয় যে,এই হিংসা উচ্চস্তৰত মহিলাসকলে অনুভৱ কৰিব পাৰে ৷

এই পুঁজিসমূহ ৰাষ্ট্ৰৰ কেন্দ্ৰীয় আপাতকালীন কোষৰ পৰা আহে ৷ এই আপাতকালীন কোষ হৈছে সংকটৰ দ্বাৰা প্ৰভাৱিত হোৱা লোকসকলক সহায় কৰাৰ এক উৎস ৷

লগতে পঢ়ক :বিগত বৰ্ষত প্ৰতি 100 ছেকেণ্ডত এটি শিশু তথা কিশোৰ HIVত আক্ৰান্ত হৈছে : UNICEF

ABOUT THE AUTHOR

...view details