লণ্ডন, 4 নৱেম্বৰ : অষ্ট্ৰিয়া আৰু ফ্ৰান্স আক্ৰমণৰ পাছতে এইবাৰ সংযুক্ত গণৰাজ্যত বৃদ্ধি পাইছে সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি ৷ সংযুক্ত গণৰাজ্যত সন্ত্ৰাসবাদী আক্ৰমণক লৈ সজাগ হৈছে গৃহ সচিব প্ৰীতি পেটেল ৷ মঙলবাৰে সন্ত্ৰাসবাদৰ ভাবুকিৰ স্তৰ সাম্ভাৱ্যৰ পৰা গুৰুতৰলৈ বৃদ্ধি পাইছে ৷ সাম্ভাৱ্যৰ পৰা গুৰুতৰলৈ বৃদ্ধি হোৱা সন্ত্ৰাসবাদৰ ভাবুকিয়ে দ্বিতীয় সৰ্বোচ্চ সতৰ্কতাৰ কথা সূচায় আৰু ইয়াৰ অৰ্থ এইয়ে যে সন্ত্ৰাসবাদৰ আক্ৰমণ বৰ্তমান ৰাষ্ট্ৰখনৰ বাবে অতি সাম্ভাৱ্য ৷ প্ৰীতি পেটেলে এই কাৰ্যক বিগত সপ্তাহত ফ্ৰান্সত আৰু চলিত সপ্তাহত অষ্ট্ৰিয়াত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰ এক সতৰ্কতামূলক ব্যৱস্থা হিচাপে আখ্যা দিয়ে ৷
যুক্তৰাষ্ট্ৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি - uk-raises-terror-threat-level-to-severe-after-austria-france-attacks
সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি বৃদ্ধি পোৱাৰ লগে লগে সংযুক্ত গণৰাজ্যৰ গৃহ সচিবে জনসাধাৰণক সতৰ্ক থাকিবলৈ আহ্বান জনাই ৷ অৱশ্যে সতৰ্ক হ'বলৈ আহ্বান জনালেও শংকিত ন'হবৰ বাবেও তেওঁ ৰাইজক আশ্বাস প্ৰদান কৰে ৷
অষ্ট্ৰিয়া আৰু ফ্ৰান্স আক্ৰমণৰ পাছতে যুক্তৰাষ্ট্ৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি বৃদ্ধি
পেটেলে কয় যে ব্ৰিটিছ জনসাধাৰণ সকল সতৰ্ক হোৱাটো প্ৰয়োজনীয় কিন্তু শংকিত হোৱাৰ কোনো অৱকাশ নাই, যিহেতু এইয়া এক সতৰ্কতামূলক ব্যৱস্থাহে মাথো ৷ জনসাধাৰণক সতৰ্ক থাকি যিকোনো সন্দেহমূলক কাৰ্যকলাপ দেখিলে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাই পেটেলে কয় যে সংযুক্ত গণৰাজ্যত আমি সন্ত্ৰাসবাদৰ দিশৰ পৰা যথেষ্ঠ গুৰুতৰ ভাবুকিৰ সন্মুখীন হৈছো ৷
লগতে পঢ়ক:আমেৰিকাক অধিক বিভ্ৰান্ত কৰা হৈছে : প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূত
TAGGED:
যুক্তৰাষ্ট্ৰৰ গৃহ সচিব