অসম

assam

ETV Bharat / international

অচিৰেই গুগল একাউণ্ট ব্যৱহাৰ কৰি টুইটাৰ লগ-ইন কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে

টুইটটাৰ(Twitter) ব্যৱহাৰকাৰীৰ বাবে সুখবৰ । শীঘ্ৰেই গুগল একাউণ্ট ব্যৱহাৰ কৰি টুইটাৰত লগ-ইন কৰাৰ সুবিধা আগবঢ়োৱা হ'ব ব্যৱহাৰকাৰীলৈ । সাধাৰণতে টুইটাৰত লগ-ইন কৰিবলৈ ফোন নম্বৰ অথবা ই-মেইল আই ডি(email ID) ব্যৱহাৰ কৰিব লাগে ।

Twitter will soon allow its users to sign in through their Google account
অচিৰেই গুগল একাউণ্ট ব্যৱহাৰ কৰি টুইটাৰত লগ-ইন কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে

By

Published : Jul 22, 2021, 1:27 PM IST

নেশ্যনেল ডেস্ক, ২২ জুলাই: টুইটাৰৰ শেহতীয়া সিদ্ধান্তই কিছু সকাহ দিব সাধাৰণতে টুইটাৰৰ পাছৱৰ্ড পাহৰি যোৱা লোকসকলক । মাইক্ৰ'ব্লগিং প্লেটফৰ্মটোৱে শীঘ্ৰেই গুগল একাউণ্ট ব্যৱহাৰ কৰি টুইটাৰত লগ-ইন কৰাৰ সুবিধা আগবঢ়াব । বৰ্তমান ব্যৱহাৰকাৰীৰ বাবে ই-মেইল আই ডি অথবা ফোন নম্বৰৰ বিকল্প বাছনি কৰাৰ সুবিধা আছে । তাৰ পিছত এটা পাছৱৰ্ড বাছনি কৰা হয়, যিটো পাছৱৰ্ড ব্যৱহাৰকাৰীয়ে পাহৰিব নোৱাৰিব ।

কিন্তু এতিয়াৰে পৰা লগ-ইন প্ৰক্ৰিয়া কিছু সহজ কৰি দিছে টুইটাৰে । টুইটাৰে গুগল একাউণ্ট ব্যৱহাৰ কৰি টুইটাৰত লগ-ইন কৰাৰ সুবিধা আগবঢ়াব ব্যৱহাৰকাৰীলৈ । মাছেবল ইণ্ডিয়াৰ মতে, সঠিক সময়ত টুইটাৰ লগ-ইনসহ সকলো প্ৰক্ৰিয়া এতিয়াৰে পৰা সহজ হৈ পৰিব । বৰ্তমান জনপ্ৰিয় মাইক্ৰ'ব্লগিং প্লেটফৰ্মটোৱে ব্যৱহাৰকাৰীক সংযোজিত গুগল একাউণ্ট ব্যৱহাৰ কৰি লগ-ইন কৰাৰ সুবিধা দিয়াক লৈ কাম কৰি আছে বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, এণ্ড্ৰইড মোবাইল ব্যৱহাৰকাৰীসকলৰ বাবে টুইটাৰৰ বিটা এপত এই বিকল্পটো ইতিমধ্যে সক্ষম কৰা হৈছে । টুইটাৰ এপৰ বিটা সংস্কৰণে বৰ্তমান ব্যৱহাৰকাৰীসকলক গুগল একাউণ্টক বিকল্প হিচাপে ছাইন ইন কৰাত অনুমতি দিছে । কিন্তু অনুমান কৰা হৈছে যে টুইটাৰৰ এই এপটোৰ আই অ’ এছ সংস্কৰণৰ বাবেও এটা অতিৰিক্ত বিকল্পৰ সুবিধা আগবঢ়োৱাৰ সম্ভাৱনা আছে, যিয়ে টুইটাৰৰ ব্যৱহাৰকাৰীসকলক এপলৰ সৈতে ছাইন-ইন কৰাৰ ক্ষেত্ৰত সুবিধা দিব ।

অৱশ্যে মাইক্ৰ'ব্লগিং প্লেটফৰ্ম টুইটাৰে এতিয়ালৈকে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । মাছেবল ইণ্ডিয়াৰ মতে, এই নতুন ছাইন-ইন বিকল্পবোৰ কেতিয়া ব্যৱহাৰকাৰীসকলৰ বাবে আৰম্ভ হ'ব সেই বিষয়ে কোনো তথ্য জানিব পৰা হোৱা নাই । যদি এজন ব্যৱহাৰকাৰী ইতিমধ্যে টুইটাৰৰ বিটা প্ৰ'গ্ৰামৰ অংশ, তেন্তে তেওঁ টুইটাৰ এপটো ভি 9.3.0-বিটা.04 সংস্কৰণলৈ আপডেট কৰাটো অতি আৱশ্যক হ'ব । এতিয়া গুগল প্লে ষ্টোৰৰ জৰিয়তে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

লগতে পঢ়ক:ভাৰতৰ বাবে ভ্ৰমণ পৰামৰ্শ শিথিল কৰিছে আমেৰিকাই

ABOUT THE AUTHOR

...view details