ইন্টাৰনেশ্যনেল ডেস্ক, 9 জানুৱাৰী: স্থায়ীভাৱে বন্ধ কৰি দিয়া হ’ল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প টুইটাৰ একাউন্ট ৷ বুধবাৰে ট্ৰাম্প সমৰ্থকসকলে মাৰ্কিন কেপিট’লত কৰা আক্ৰমণৰ ঘটনাৰ পিছতে ভৱিষ্যতে ইয়াৰ পুনৰাবৃত্তিৰ আশংকা কৰিয়েই শুকুৰবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে মাইক্ৰ’ব্লগিং চাইটটোৱে ৷
"@realDonaldTrumpৰ টুইটসমূহ আৰু ইয়াৰ বিষয়বস্তুৰ সুক্ষ্ম নিৰীক্ষণৰ পাছত এই পোষ্টসমূহে টুইটাৰৰ ভিতৰত আৰু বাহিৰত পেলোৱা প্ৰভাৱৰ প্ৰতি লক্ষ্য কৰিয়েই ভৱিষ্যতে এই ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ একাউন্টটো বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷"-এক বিবৃতিত এনেদৰে কয় টুইটাৰে ৷
‘এই ভয়াৱহ ঘটনাৰ প্ৰসংগত আমি বুধবাৰে স্পষ্ট কৰি দিছিলো যে টুইটাৰৰ বিধিসমূহ অতিৰিক্ত উলংঘনৰ দ্বাৰা সম্ভাৱিত ৰূপত ইয়াৰ তদন্তৰ পৰিণাম হ’ব ৷ আমাৰ জনস্বাৰ্থ জড়িত কাঠামোটোৱে জনসাধাৰাণক নিৰ্বাচিত অধিকাৰীসকলৰ তথা বিশ্ব নেতাসকলক প্ৰত্যক্ষভাৱে শুনাত সহায় কৰে ৷ ইয়াক এটি সিদ্ধান্ততে বনোৱা হৈছে যে, ৰাইজৰ ৰাজহুৱাকৈ মত প্ৰকাশৰ অধিকাৰ আছে ৷’টুইটাৰে লগতে স্পষ্ট কৰি দিয়ে যে, ইয়াৰ নীতি আৰু এই নীতিসমূহৰ প্ৰয়োগৰ ক্ষেত্ৰত ই স্বচ্ছ হৈ থাকিব ৷