অসম

assam

ETV Bharat / international

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণক লৈ হোৱাইট হাউচত আলোচনা চক্ৰ

চলিত মাহৰ 24 আৰু 25 ফেব্ৰুৱাৰী তাৰিখে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ প্ৰতিনিধি দলৰ সৈতে ভাৰতলৈ অহা বিষয়ত হোৱাইট হাউচত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ ট্ৰাম্পৰ এই ভাৰত আগমণ বিশ্বৰ দুই বৃহৎ গণতন্ত্ৰৰ মাজত থকা স্থায়ী আৰু শক্তিশালী সম্বন্ধক প্ৰদৰ্শন কৰিব বুলি হোৱাইট হাউচৰ অধিকাৰীয়ে মত প্ৰকাশ কৰে৷ আমেৰিকাই এই ভাৰত ভ্ৰমণৰ দ্বাৰা ভাৰতৰ সৈতে সন্ত্ৰাসবাদ নিৰ্মূলৰ লগতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলসমূহত গুৰুত্ব প্ৰদান কৰি অঞ্চলসমূহৰ প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ দিশত মনোনিৱেশ কৰিব ৷

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণ
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণ

By

Published : Feb 22, 2020, 1:08 PM IST

নেশ্যনেল ডেস্ক, 22 ফেব্ৰুৱাৰীঃ আমেৰিকাৰ হোৱাইট হাউচত শুকুৰবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰত আগমণক লৈ আলোচনা ৷ আগন্তুক 24 আৰু 25 ফেব্ৰুৱাৰীত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ সৈতে আহমেদাবাদ, আগ্ৰা আৰু নতুন দিল্লীত আমেৰিকাৰ প্ৰতিনিধি দলৰ 12 গৰাকী সদস্যক প্ৰতিনিধিত্ব কৰিব ৷ ‘‘ট্ৰাম্পৰ ভাৰত আগমণে বিশ্বৰ দুই বৃহৎ গণতন্ত্ৰৰ মাজত শক্তিশালী আৰু স্থায়ী সম্বন্ধক প্ৰদৰ্শন কৰিব ৷’’ এই মন্তব্য প্ৰদান কৰে হোৱাইট হাউচৰ অধিকাৰীয়ে ৷

আমেৰিকাৰ এই প্ৰতিনিধি দলত বাণিজ্য বিষয়ক সম্পাদক উইল্বৰ ৰচ, শক্তি বিষয়ক সম্পাদক ডেন ব্ৰাওলেট, ভাৰপ্ৰাপ্ত চীফ অৱ ষ্টাফ মিক মুলভনে আৰু জাতীয় সুৰক্ষা উপদেষ্টা ৰবাৰ্ট ও ব্ৰিয়েনো অন্তৰ্ভুক্ত হৈ আছে ৷ ইয়াৰোপৰি ট্ৰাম্পৰ সহকাৰী আৰু জ্যেষ্ঠ উপদেষ্টা তেওঁৰ কন্যা ইৱাংকা আৰু জোঁৱাই জেৰেড কুশনৰেও ভাৰতলৈ আহিব ৷ ভাৰতে নিযুক্তি দিয়া মাৰ্কিন ৰাষ্ট্ৰদূত কেন জাষ্টাৰো আমেৰিকাৰ প্ৰতিনিধি দলৰ সৈতে ভাৰতত উপস্থিত হ’ব ৷

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণ

‘‘আমাৰ এই যাত্ৰাই কেইবাটাও মুখ্য বিষয়ক আগস্থান দিব ৷ পোনপ্ৰথমে আমি আমাৰ অৰ্থনৈতিক আৰু শক্তি উৎপাদন বিষয় সম্পৰ্কত মনোনিৱেশ কৰিম৷’’ হোৱাইট হাউচত আমেৰিকান অধিকাৰীয়ে এইদৰে মন্তব্য দাঙি ধৰে ৷ শক্তি উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনৈতিক দেশ বুলি মন্তব্য প্ৰদান কৰি আমেৰিকাৰ অধিকাৰীয়ে কয় যে, ‘‘আমি ভাৰতক এই চাহিদা পূৰণৰ ক্ষেত্ৰত সহায় কৰিবলৈ প্ৰস্তুত ৷’’

আমেৰিকাৰ এই ভাৰত ভ্ৰমণৰ দ্বাৰা দুয়োখন দেশে সন্ত্ৰাসবাদ নিৰ্মূলৰ লগতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলসমূহত গুৰুত্ব প্ৰদান কৰি প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ দিশত মনোনিৱেশ কৰিব ৷ ‘‘আমেৰিকাই এনেকুৱা এখন ভাৰত বিচাৰে, য’ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, স্থিতিশীলতা আৰু নিয়ম ভিত্তিক আদেশক সমৰ্থন কৰাৰ হেতু একোটা সক্ষম সামৰিক বাহিনী গঠনত আমেৰিকাই গুৰুত্ব প্ৰদান কৰিব ৷’’

লগতে পঢ়কঃ ট্ৰাম্পৰ তিনিঘন্টীয়া গুজৰাট ভ্ৰমণত ব্যয় হ’ব 85 কোটি টকা

হোৱাইট হাউচ অধিকাৰীয়ে ভাষ্য অনুসৰি, সোমবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে আহমেদাবাদত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে চৰ্দাৰ পাটেল ষ্টেডিয়াম পৰিদৰ্শন কৰিব ৷ সোমবাৰে নিশা ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডী প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দিল্লীত উপস্থিত হৈ মঙলবাৰে আগ্ৰাৰ তাজমহলত সময় অতিবাহিত কৰিব আৰু দিল্লীৰ কাৰ্যসূচীত অংশ ল’ব ৷ লগতে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু 3 দূতবাস কৰ্মচাৰীৰ সৈতে বৈঠকত মিলিত হ’ব৷ ইয়াৰ অন্তত মঙলবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ সৈতে নৈশ ভোজন গ্ৰহণ কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details