নিউজ ডেস্ক , 06 মে':গাজা সন্ত্ৰাসবাদীলৈ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সকীয়নি ৷ টুইট যোগে ট্ৰাম্পে গাজা সন্ত্ৰাসবাদীক, দক্ষিণ ইজৰাইললৈ ৰকেট নিক্ষেপ কৰিবলৈ বাধৈ প্ৰদান কৰে ৷ লগতে কয় যে " ইজৰাইলৰ বিৰুদ্ধে এনে সন্ত্ৰসবাদী কাণ্ডই তোমালোকলৈ সমস্যাৰ বাহিৰে একো নানে ৷"
গাজা সন্ত্ৰাসবাদীলৈ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সকীয়নি - টুইট
টুইট যোগে গাজা সন্ত্ৰাসবাদীক দক্ষিণ ইজৰাইললৈ ৰকেট নিক্ষেপ কৰিবলৈ সকীয়ালে ৰাষ্ট্ৰপতি ট্ৰাম্পে
ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প
ইয়াৰোপৰিও তেখেতে নিজৰ টুইটত উল্লেখ কৰে যে "যুক্তৰাষ্ট্ৰই ইজৰাইলৰ নাগৰিক সকলৰ সুৰক্ষাৰ বাবে 100 শতাংশ সমৰ্থন কৰিছে ৷ হিংসা সমাপ্ত কৰি শান্তিৰ দিশে আগবাঢ়া এয়া সম্ভৱ হয়" ৷ উল্লেখ্য যে গাজা সন্ত্ৰাসবাদীয়ে দেওবাৰে দক্ষিণ ইজৰাইললৈ 100ত কৈও অধিক ৰকেট নিক্ষেপ কৰে ৷ এই সন্ত্ৰাসবাদী কাণ্ডত 4 জন ইজৰাইলী নাগৰিকে প্ৰাণ হেৰুৱাইছিল ৷ ইপিনে এই আক্ৰমণৰ প্ৰত্যুত্তৰত দক্ষিণ ইজৰাইলে গাজাক কৰা আক্ৰমণত 2 টা শিশু আৰু গৰ্ভৱতী মহিলাৰ স'তে 23 জন লোকৰ মৃত্যু হয় ৷