অসম

assam

By

Published : Nov 21, 2020, 2:31 PM IST

ETV Bharat / international

জি-20 সন্মিলনত অংশগ্ৰহণ কৰিব ড'নাল্ড ট্ৰাম্পে

জি-20 সন্মিলনত অংশগ্ৰহণ কৰিব ড'নাল্ড ট্ৰাম্পে ৷ হোৱাইট হাউছে প্ৰদান কৰিছে এই তথ্য ৷

জি-20 সন্মিলনত অংশগ্ৰহণ কৰিব ড'নাল্ড ট্ৰাম্পে
ড'নাল্ড ট্ৰাম্প

ইন্টাৰনেশ্যনেল ডেস্ক, 21 নৱেম্বৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এই সপ্তাহৰ অন্তত ভাৰ্চুৱেল গ্ৰুপ অৱ 20 (জি20) সন্মিলনত অংশগ্ৰহণ কৰিব ৷ সমগ্ৰ বিশ্বই মহামাৰী ক'ভিড-19 ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ সময়তে হোৱাইট হাউছে ঘোষণা কৰিছে ট্ৰাম্পৰ অংশগ্ৰহণৰ কথা ৷

শনি আৰু দেওবাৰে ট্ৰাম্পে ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰিব বুলি হোৱাইট হাউছে প্ৰকাশ কৰা এক বিবৃতিত জানিব পৰা গৈছে ৷ কিন্তু ৰাষ্ট্ৰপতিগৰাকীয়ে কোনটো ইভেন্টত অংশগ্ৰহণ কৰিব সেই সম্পৰ্কত হোৱাইট হাউছে স্পষ্ট কৰা নাই ৷

ক'ভিড-19 মহামাৰীৰ বাবে বিশ্বৰ শীৰ্ষ অৰ্থনীতিৰ 19 খন দেশ আৰু ইউৰোপিয়ান ইউনিয়নে অনলাইন সন্মিলনত অংশগ্ৰহণ কৰিব ৷ পূৰ্বে ৰিয়াধত হ'ব বুলি স্থান নিৰ্ধাৰণ কৰা হৈছিল যদিও মহামাৰীৰ বাবে অনলাইন আয়োজন কৰা হৈছে ৷ ছৌদি আৰৱৰ ৰজা ছলমানে এই সন্মিলনত অধ্যক্ষতা কৰিব ৷

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে সদ্যসমাপ্ত নিৰ্বাচনত জয়ী হোৱা জ' বিডেনৰ জয় গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা ট্ৰাম্পে এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

যোৱা শুকুৰবাৰে হোৱাইট হাউছে ঘোষণা কৰিছিল যে, কৰ'ণা ভাইৰাছ সংক্ৰমণ বৃদ্ধি পালেও আমেৰিকাত দেশজোৰা লকডাউন বলবৎ কৰা নহ'ব আৰু পৰৱৰ্তী বিডেন প্ৰশাসনক লকডাউন বলবৎ কৰাত বাধা প্ৰদান কৰিব ৷

উল্লেখ্য যে, কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বতে ধংসাত্মক ৰূপ গ্ৰহণ কৰাৰ সময়তে অনুষ্ঠিত হ'ব জি-20 সন্মিলন ৷ বৰ্তমান বিশ্বত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা প্ৰায় 57 মিলিয়ন হোৱাৰ পৰিৱৰ্তে মৃত্যু হৈছে প্ৰায় 1.37 মিলিয়ন লোকৰ ৷

এই ক্ষেত্ৰত শীৰ্ষ স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ বৰ্তমানলৈকে দেশখনত 11.9 মিলিয়ন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা হৈছেগৈ 254,000 ৷

লগতে পঢ়ক :ঋতুস্ৰাৱ আৱৰ্জনাৰ পৰিৱেশ অনুকূল নিষ্কাষণৰ বাবে প্ৰযুক্তিগত হস্তক্ষেপৰ প্ৰয়োজন

ABOUT THE AUTHOR

...view details