নিউজ ডেস্ক, ৩ এপ্ৰিলঃ কিছু স্বাস্তিৰ নিশ্বাস লৈছে আমেৰিকাবাসীয়ে । কিয়নো দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিগৰাকীৰ দেহত নোলাল কোভিড-১৯ ৰ অৱস্থিতি । মাৰ্চ মাহৰ মধ্য়ভাগতো পূৰ্বে কৰা পৰীক্ষণৰ ফলাফলো নিগেটিভ আছিল ট্ৰাম্পৰ ।
শেহতীয়াকৈ দ্বিতীয়বাৰৰ বাবে টেষ্ট কৰা হৈছিল ট্ৰাম্পৰ । এইবাৰ"rapid-point-of-care"টেষ্ট কিট্ ৰে কৰা হয় ৰাষ্ট্ৰপতিগৰাকীৰ পৰীক্ষণ । এই কীট্ ৰ বিশেষত্ব হৈছে কেৱল ১৫ মিনিটতেই লাভ কৰিব পাৰি ফলাফল ।
ইয়াৰ পাচতেই সংবাদমেল আয়োজন কৰি বৃহস্পতিবাৰে ট্ৰাম্পৰ চিকিৎসকে ফলাফল নিগেটিভ লাভ কৰা বুলি সদৰী কৰে । লগতে বৰ্তমানলৈ তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ একো লক্ষ্যণ প্ৰতিফলিত হোৱা নাই বুলি উল্লেখ কৰি তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ বুলি অৱগত কৰে ।
আনহাতে এই টেষ্ট কীট্ ৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি ট্ৰাম্পে কয়, মই মোৰ পৰীক্ষণ কৰালো । মোৰ বোধে ১৪-১৫ মিনিটৰ ভিতৰতেই ফলাফল বাহিৰ হ'ল । অৱশ্যে মই কামলৈ গুছি গৈছিলো, ইয়াৰ বাবে অপেক্ষা কৰা নাছিলো । কিন্তু ১৪ মিনিট মানৰ পাচতেই মোক ফলাফল দিয়া হৈছিল । য'ত নিগেটিভ আছিল কোভিড-১৯ ৰ অৱস্থিতি । এই টেষ্ট কীটটোৰ প্ৰতি মোৰ মনত সঁচাকৈ কৌতুহল আছিল । কেনেকৈ নো এইটোৱে কাম কৰে, কেনেকৈ ইমান সোনকালে ফলাফল দিবলৈ সক্ষম হয় জানিবলৈ । মই দুয়োটা প্ৰক্ৰিয়াৰেই পৰীক্ষণ কৰাইছো । কিন্তু দ্বিতীয়বাৰৰ পৰীক্ষণ প্ৰাণালীটো সঁচাকৈ আনন্দদায়ক ।
বিশ্বজুৰি কৰ'ণা তথা কোভিড-১৯ ৰ সন্ত্ৰাস বৰ্তি আছে । এই ভাইৰাছৰ দ্বাৰা যথেষ্ট পৰিমাণে ক্ষতি হৈছে আমেৰিকা । ইতিমধ্যে আমেৰিকাত লাখ- লাখ লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে । আনহাতে শেহতীয়াকৈ হুৱাইট হাউছৰ পৰা সকীয়াই দিছে যে, আগন্তুক দুটা সপ্তাহত প্ৰায় দুই লাখ লোকৰ মৃত্যু মুখত পৰাৰ সম্ভাৱনা আছে ।
বৰ্তমালৈকে বিশ্বত ১,০১৫,৬৬৭ গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৫৩,২০০ জনৰ । ১৭৫ খন দেশলৈ বিয়পি পৰা এই ভাইৰাছে আমেৰিকাত প্ৰায় ৬ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি নিয়ে । আনহাতে আক্ৰান্তৰ সংখ্যা হৈছে ২,৪৫,০৮০ গৰাকী ।
লগতে চাওক- কৰ'ণা সম্পৰ্কীয় অভিজ্ঞতা ব্যক্ত বিশ্বৰ ভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মৰ