নিউজ ডেস্ক,17 ডিচেম্বৰঃ বিশ্ব মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ইতিমধ্যে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন সমাপ্ত হৈছে ৷ নিৰ্বাচনত ডনাল্ড ট্ৰাম্পক পৰাস্ত কৰি বিজয় লাভ কৰিছিল জ’ বিডেন ৷ কিন্তু সেই পৰাজয় সহজে মানি ল’ব পৰা নাই ট্ৰাম্পে ৷ সেইহে সহজে হোৱাইট হাউচ ত্যাগ কৰিব বিচৰা নাই ট্ৰাম্পে ৷ সিএনৰ এক ৰিৰ্পট মতে জ’ বিডেনে 20 জানুৱাৰীত শপত গ্ৰহণ কৰা দিনা হোৱাইট হাউচ ত্যাগ কৰিবলৈ অস্বীকাৰ কৰিব ট্ৰাম্পে ৷
হোৱাইট হাউচ নেৰে ডনাল্ড ট্ৰাম্পে ! - পৰৱৰ্তী ৰাষ্ট্ৰপতি
বিশেষ সূত্ৰৰ পৰা জানিব পৰামতে ট্ৰাম্পে এই পৰ্যন্ত নিজৰ পৰাজয়ক সহজ ভাবে মানি ল’ব পৰা নাই ৷ ইলেক’ট্ৰল কলেজে ঘোষণা কৰা নিৰ্বাচনত আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে বিজয় লাভ কৰিছে জ’ বিডেনে ৷
হোৱাইট হাউচ নেৰে ডনাল্ড ট্ৰাম্পে !
উল্লেখযোগ্য যে,ইলেক’ট্ৰল কলেজে ইতিমধ্যে সোমবাৰে বিডেনক পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে নিশ্চিত কৰিছে ট্ৰাম্পৰ 232টা ভোটৰ বিপৰীতে বিডেনৰ 306 টা ভোট লাভ কৰিছিল ৷ ইপিনে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংসদ কংগ্ৰেছে 6 জানুৱাৰীত ফলাফলৰ প্ৰমাণ কৰিব বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ বৰদিনত অসমলৈ আহি আছে অমিত শ্বাহ