ইণ্টাৰনেশ্যনেল ডেস্ক, ১০অক্টোবৰ: ক্ৰমাৎ সুস্থ হৈ উঠিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প। শেহতীয়াকৈ এক সাক্ষাৎকাৰত ট্ৰাম্পে নিজৰ স্বাস্থ্যৰ অৱস্থাৰ আভাস দিছে। তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি আটাইতকৈই নিম্ন পৰ্যায়ত আছে, নতুবা তেওঁ মহামাৰীৰ কবলৰ পৰা মুক্ত হৈছে বুলি প্ৰকাশ কৰিছে । আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যম 'ফক্স নিউজ'ত সম্প্ৰচাৰিত হোৱা 'টাকাৰ কাৰ্লছন টুনাইট' শীৰ্ষক অনুষ্ঠানত সংবাদদাতা ড০ মাৰ্ক ছেইগেলৰে হোৱা এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰি প্ৰতি দুদিনৰ মূৰত COVID-19ৰ পৰীক্ষা কৰা হৈছে বুলি কৈছে ৰাষ্ট্ৰপতিগৰাকীয়ে।
COVID-19ত আক্ৰান্ত হোৱাৰ পিছত যোৱা ২অক্টোবৰত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক ভৰ্তি কৰোৱা হৈছিল ৱাল্টাৰ ৰীড মেডিকেল চেণ্টাৰত। 'ফক্স নিউজ'ৰে হোৱা সাক্ষাৎকাৰটোত ট্ৰাম্পে প্ৰকাশ কৰিছে যে, তেওঁ বৰ্তমান যথেষ্ট সবল অনুভৱ কৰিছে আৰু শুক্ৰবাৰে কোনোধৰণৰ ঔষধো গ্ৰহণ কৰিবলগীয়া হোৱা নাই। ইয়াৰ পূৰ্বে ৱাল্টাৰ ৰীড মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা সময়ত তেওঁ দুৰ্বল অনুভৱ কৰিছিল যদিও স্বাস-প্ৰশ্বাসত কোনো অসুবিধা পোৱা নাছিল। হাস্পতালত পৰীক্ষণৰ সময়ত হাওঁফাওঁত জটিলতা দেখা পাইছিল চিকিৎসকে। সম্পূৰ্ণ সুস্থ হোৱাৰ পিছত আন ৰোগীৰ সহায়ক হোৱাকৈ প্লাজমা দান কৰিবলৈ সাজু আছে বুলি মন্তব্য কৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে।