অসম

assam

ETV Bharat / international

ভাৰতক আন এটা জোকাৰণি দিয়াৰ দিশে আমেৰিকা

ভাৰতক আন এটা ভয়ঙ্কৰ জোকাৰণি দিয়াৰ বাবে সাজু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ । আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে H-1B আৰু J-1 কে ধৰি অন্যান্য অস্থায়ী ভিচাসমূহ নিলম্বনৰ বাবে এক নিৰ্দেশনাত শীঘ্ৰেই স্বাক্ষৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ক'ৰণা ভাইৰাচৰ ফলত দেশখনত সৃষ্টি হোৱা অত্যাধিক সংস্থাপনহীনতাৰ বাবেই এই সিদ্ধান্ত লোৱা হব বুলি ধাৰণা কৰা হৈছে ।ক'ৰণা ভাইৰাচৰ ভয়াবহতাৰ সমান্তৰালকৈ দেশখনত স্থানীয় নাগৰিকৰ সংস্থাপন সুৰক্ষিত কৰাৰ স্বাৰ্থত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বন্ধু ৰাষ্ট্ৰ বুলি কৈ অহা ভাৰতক এক জোকাৰণি দিবৰ বাবে আগ বাঢ়িছে ।

By

Published : Jun 21, 2020, 8:46 PM IST

Trump likely to suspend H-1B, other visas
ভাৰতক আন এটা জোকাৰণি দিয়াৰ দিশে আমেৰিকা

নিউজ ডেস্ক, ২১জুন: ভাৰতক আন এটা ভয়ঙ্কৰ জোকাৰণি দিয়াৰ বাবে সাজু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ । আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে H-1B আৰু J-1 কে ধৰি অন্যান্য অস্থায়ী ভিচাসমূহ নিলম্বনৰ বাবে এক নিৰ্দেশনাত শীঘ্ৰেই স্বাক্ষৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ক'ৰণা ভাইৰাচৰ ফলত দেশখনত সৃষ্টি হোৱা অত্যাধিক সংস্থাপনহীনতাৰ বাবেই এই সিদ্ধান্ত লোৱা হব বুলি ধাৰণা কৰা হৈছে । ক'ৰণা ভাইৰাচৰ ভয়াবহতাৰ সমান্তৰালকৈ দেশখনত স্থানীয় নাগৰিকৰ সংস্থাপন সুৰক্ষিত কৰাৰ স্বাৰ্থত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বন্ধু ৰাষ্ট্ৰ বুলি কৈ অহা ভাৰতক এক জোকাৰণি দিবৰ বাবে আগ বাঢ়িছে।

ট্ৰাম্পে শীঘ্ৰেই H-1B আৰু J-1 কে আদি কৰি অন্যান্য অস্থায়ী ভিচাসমূহ নিলম্বনৰ বাবে এক নিৰ্দেশনাত শীঘ্ৰেই স্বাক্ষৰ কৰাৰ সম্ভাৱনাই দেখা দিছে । জানিব পৰা মতে, এই সিদ্ধান্তৰ আঁৰত ক'ৰণা ভাইৰাচৰ ফলত দেশখনত দেখা দিয়া কৰ্ম সংস্থাপনহীনতাই ভিচা নাকচৰ অন্যত্বম কাৰণ হব ।মহামাৰী ক'ৰণাই দেশখনক অত্যন্ত বেয়া ধৰণে ক্ষতি কৰিছে। যাৰ কৰণে যুক্তৰাষ্ট্ৰখনত লক্ষাধিক লোক কৰ্ম সংস্থাপনহীন হ'ব লগা হৈছে ।

ভাৰতক আন এটা জোকাৰণি দিয়াৰ দিশে আমেৰিকা

H-1B ভিচাৰ নাকচ হ'লে অধিক প্ৰভাবিত হব লগা দেশখন হব ভাৰতবৰ্ষ । কিয়নো ভাৰতীয় সুচনা প্ৰযুক্তিৰ লগত জড়িত অধিকাংশৰ বাবেই এই ভিচাৰ গুৰুত্ব আছে । কিয়নো H-1Bৰ জড়িয়তেহে আমেৰিকাৰ প্ৰতিস্থান সমূহত বহি ৰাষ্ট্ৰৰ লোকসকলে নিযুক্তিৰ সুবিধা লব পাৰে । এই ভিচাই আমেৰিকাৰ প্ৰতিস্থান সমূহত নিযুক্তি পোৱাত সহায় কৰে । বিশেষকৈ উদ্যোগিক বিশেষজ্ঞৰ দৰে কামৰ ক্ষেত্ৰত H-1B ভিচাৰ অধিক প্ৰয়োজন ।

এন পি আৰ নিউজৰ পৰা পোৱা তথ্যমতে, H-1B আৰু J-1 কে ধৰি অন্যান্য অস্থায়ী ভিচা নিলম্বনৰ নিৰ্দেশনাত শীঘ্ৰেই ট্ৰাম্পে স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে । তথাপি পূৰ্বৰে পৰা দেশখনত কাম কৰি থকাসকলৰ ক্ষেত্ৰত এই নতুন নিৰ্দেশনাই প্ৰভাবিত নকৰিব বুলি উল্লেখ কৰা হৈছে এন পি আৰ নিউজৰ তথ্যত ।

উল্লেখ কৰিব পাৰি যে, H-1B ৱৰ্ক ভিচাৰ জড়িয়তে ভাৰতীয় কোম্পানীসমূহে আমেৰিকাৰ পৰিচালনাত যুক্তৰাষ্ট্ৰখনত অধিক ভাৰতীয় লোকৰ জড়িয়তে কাম কৰাই আহিছে । আমেৰিকা চৰকাৰে প্ৰতি বছৰৰ বাবে H-1B ভিচাৰ অনুমতি ৮৫০০০ লৈ নিৰ্ধাৰণ কৰি দিছিল আৰু এই প্ৰক্ৰিয়াৰে প্ৰায় ৭০ শতাংশ ভাৰতীয় আমেৰিকালৈ যায় । শেহতীয়াকৈ ট্ৰাম্পে স্বাক্ষৰ কৰিব লগা নিৰ্দেশনাই H-2B ভিচাৰ জড়িয়তে বিশেষকৈ হোটেল আৰু নিৰ্মাণ প্ৰতিস্থানৰ কৰ্মচাৰী আৰু J-1 ভিচাৰ অন্তৰ্গত ৰিচাৰ্চ স্ক'লাৰ, প্ৰফেচাৰৰ লগতে সাংস্কৃতিক আৰু কৰ্ম বিনিময়ৰ লগত জড়িত সকলক বহিস্কাৰ কৰাৰ সম্ভাৱনা আছে ।

ABOUT THE AUTHOR

...view details