নিউজ ডেস্ক, 29 অক্টোবৰ :আমেৰিকাই ইয়াৰ 200 বছৰীয়া গণতান্ত্ৰিক ইতিহাসত 2017ত লাভ কৰিছিল আটাইতকৈ বিতৰ্কিত ৰাষ্ট্ৰপতি আৰু আমেৰিকাক লৈ তেওঁ নিৰন্তৰ কঠোৰ প্ৰতিচ্ছবি আৰু আক্ৰমণাত্মক স্থিতি দিনক দিনে বৃদ্ধি পাই গৈ আছে ৷
বিগত চাৰি বৰ্ষত ট্ৰাম্পৰ মুকলিমুৰীয়া স্বভাৱ, কঠোৰতা, আক্ৰমণাত্মক স্থিতিৰ লগতে জেনোফবিক মনোভাৱে তেওঁৰ বিৰোধীসকলক অধিক লাভাম্বিত কৰিব ৷
ট্ৰাম্প : আমেৰিকাৰ ইতিহাসৰ সৰ্বাধিক চৰ্চিত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ৰাজনৈতিক পৰিচয় কোনো দুৱাৰৰ পিচত লুকাই থকাৰ বিপৰীতে চাৰি বছৰৰ অভিজ্ঞতাই অধিক কঠোৰ হৈ পৰিছে যিয়ে অধিক অভিজ্ঞ ৰাজনেতাসকলক চেৰ পেলাইছে আৰু আমেৰিকাৰ নিৰ্বাচনী প্ৰক্ৰিয়াত এক পৰিৱৰ্তন দেখা গৈছে ৷
বহুসংখ্যক বিবাদত জড়িত হৈ পৰা ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ প্ৰতিদ্বন্দীৰ তুলনাত নিজকে ভালদৰে বচাবলৈ সক্ষম হৈছে ৷ তেওঁ কেতিয়াও প্ৰতিৰক্ষামুলকভাৱে নিজকে চোৱা নাই, বিপৰীতে অধিক আক্ৰমণাত্মকভাৱে আগবাঢ়ি আহিছে ৷
ষ্টৰ্মী ডেনিয়েলৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযোগ আৰু শেহতীয়াকৈ কোভিড-19 আদি বিষয়সমূহে তেওঁক সংবাদ শিৰোনামলৈ আনিছিল যদিও এইবোৰে ট্ৰাম্পৰ ছবিত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে ৷
ট্ৰাম্প : আমেৰিকাৰ ইতিহাসৰ সৰ্বাধিক চৰ্চিত ৰাষ্ট্ৰপতি কিছুসংখ্যক অপবাদৰ বিপৰীতে ট্ৰাম্প সদায়ে এগৰাকী বিজয়ী হিচাপে চিহ্নিত হৈ আহিছে ৷ প্ৰতিটো বিবাদৰ পৰা নিৰ্দোষী হৈ ওলাই অহাৰ পিচত তেওঁৰ স্থিতি আৰু অধিক শক্তিশালী হৈ পৰিছে ৷
ট্ৰাম্পৰ দ্বাৰা প্ৰযোজিত চীনৰ বিৰুদ্ধে ব্যৱসায়িক যুদ্ধই কমিউনিষ্ট দেশখনত বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে আৰু ইয়াৰ ফলত আমেৰিকা লাভাম্বিত হৈছে আৰু ৰাষ্ট্ৰপতিৰ আমেৰিকা প্ৰথম ধাৰণাক অধিক ক্ষীপ্ৰ কৰি তুলিছে ৷
একেদৰেই ডেম'ক্ৰেটছ সকলৰ মহাভিযোগৰ প্ৰয়াসো বিফল হোৱাৰ লগতে ৰাষ্ট্ৰপতিত্বক অধিক শক্তিশালী কৰিছিল আৰু ফেব্ৰুৱাৰীত ট্ৰাম্পৰ ভাষণৰ পৰা এই কথা স্পষ্ট হৈছিল ৷
ট্ৰাম্প : আমেৰিকাৰ ইতিহাসৰ সৰ্বাধিক চৰ্চিত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই বিজয়ী ছবিখনৰ পৰা বাদ পৰিছিল উত্তৰ কোৰিয়াৰ বিবাদিত নেতা কিম জং উন, যাক পৰমানু পৰীক্ষণ কৰাৰ পৰা ৰোধ কৰিব নোৱাৰিলে ট্ৰাম্পে ৷
সমস্যাসমূহক সুবিধালৈ ৰূপান্তৰ কৰাত ট্ৰাম্প সিদ্ধহস্ত হোৱাৰ লগতে তেওঁৰ প্ৰতিদ্বন্দী অবামাৰ বিৰুদ্ধে কলা অধ্যায় ফাদিল কৰি দিয়া এতিয়াও কোনোকাৰণতে পিছলৈ ঘুৰি নাচায় ৷ এয়া লাগিলে হিলাৰী ক্লিন্টন, বাৰাক অবামা অথবা জ' বিডেনে হওঁক ৷
2016ত ৰিপাব্লিকান দলৰ হৈ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্ব পাবলৈ পত্নীৰ সৈতে লগ লাগি নিজ দলৰে বহুকেইগৰাকী প্ৰতিদ্বন্দীক পিছ পেলাইছিল ট্ৰাম্পে ৷ আইন আৰু নিয়ম ব্যৱস্থাৰ ওপৰত মজবুত বাৰ্তাৰে ট্ৰাম্পে আমেৰিকাৰ পুনৰ মহান কৰিবলৈ ৰিপাব্লিকান দলৰ পৰা এইবাৰো নিজকে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত কৰে ৷ আমেৰিকাৰ অৰ্থনীতিৰ লগতে দ্বিতীয়টো কাৰ্যকালৰ বাবে ট্ৰাম্পে সমানে যুঁজ দি আছে ৷
কিন্তু ট্ৰাম্প আৰু তেওঁৰ ডেম'ক্ৰেটিক দলৰ প্ৰতিদ্বন্দী জ' বিডেনৰ বাবে কোবিড-19 চলিত ৰাষ্ট্ৰপতি নিৰ্বাচনত অধিক চৰ্চা হৈছে ৷ গ্ৰীষ্মকালতে ট্ৰাম্পে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰম্ভিক প্ৰচাৰ নিজৰ ঘৰত থাকিয়ে কৰিছিল ৷ ইয়াৰ বিপৰীতে বিদেনে কম সংখ্যক লোক লৈ সামাজিক দুৰত্ব মানি নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৷ ৰাজহুৱা স্থানত মাস্ক পিন্ধাৰ বাবে ট্ৰাম্পে বিডেনক বেছিভাগ সময় উপলুঙা কৰিছিল ৷
2017ত ট্ৰাম্পৰ শাসনকাল আৰম্ভ হোৱাৰে পৰাই তেওঁ বহুতো বিৰোধৰ সন্মুখীন হৈছিল যদিও ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পে ভ্ৰমণত বাধা আৰোপ কৰাৰ লগতে মেক্সিকোৰ সৈতে দক্ষিণ সীমাত এখন দেৱাল নিৰ্মাণ কৰাৰ বিষয়ে যথেষ্ট বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷
ট্ৰাম্প : আমেৰিকাৰ ইতিহাসৰ সৰ্বাধিক চৰ্চিত ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ প্ৰথমটো কাৰ্যকালত উচ্চতম ন্যায়ালয়ত দুগৰাকীকৈ ন্যায়াধীশ, নিল গাৰোছ আৰু ব্ৰেট কাভানুআঘক নিযুক্ত কৰিছিল আৰু 2020ৰ নিৰ্বাচনৰ পূৰ্বে এমি কোনে বেৰেটক উচ্চতম ন্যায়ালয়ৰ বাবে প্ৰক্ষেপ কৰিছে ৷
কিন্তু ট্ৰাম্পে যেতিয়াই তেওঁৰ কাম বিদেশলৈ থেলি দিয়ে তেতিয়া কম সংখ্যক সফলতা দেখা যায় ৷
ট্ৰাম্প যিয়ে কোভিড-19ৰ পূৰ্বে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে এক সুসম্পৰ্ক ৰাখিছিল, বৰ্তমান চীনৰ সৈতে সকলোধৰণৰ সম্পৰ্ক অৱসান কৰিবলৈ আগবাঢ়িছে ৷ আনহাতে কিম জং উনৰ সৈতে প্ৰথমাৱস্থাত তেওঁৰ সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰা ট্ৰাম্পে এই ক্ষেত্ৰতো বিফল হয় আৰু জুনত উত্তৰ কোৰিয়াই আমেৰিকাৰ সৈতে সকলো সম্পৰ্ক অন্ত কৰি পাৰমানৱিক পৰীক্ষণ সম্পন্ন কৰে ৷ ট্ৰাম্পৰ ৰাষ্ট্ৰপতি শাসনৰ প্ৰথম তিনিটা বছৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতেও সম্পৰ্ক গাঢ় কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও এইক্ষেত্ৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ইয়াক লৈ কোনো গুৰুত্ব প্ৰদান কৰা দেখা নগ'ল ৷
কিন্তু 2016ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পে ৰাছিয়াক তেওঁৰ প্ৰতিদ্বন্দীৰ ইমেইল সমূহৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ নিৰ্দেশ দিয়াৰ খবৰ ওলাইছিল আৰু স্পেছিয়েল কনছুল ৰবাৰ্ট মুলাৰ তদন্তৰ আওঁতাত আহিছিল ৷
ট্ৰাম্প : আমেৰিকাৰ ইতিহাসৰ সৰ্বাধিক চৰ্চিত ৰাষ্ট্ৰপতি মুলাৰে আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ সৈতে লগ লাগি ৰাছিয়াৰ ওপৰত ওলোটাই চোৰাংচোৱাগিৰি কৰিছিল আৰু ইয়াক 2018ত হেলছিংকিত পুটিন আৰু ট্ৰাম্পৰ মাজত দেখা পোৱা গৈছিল ৷ মহাভিযোগৰ সময়তো ট্ৰাম্পে ইউক্ৰেইনৰ সামৰিক সহায়ৰ দ্বাৰা ৰাছিয়াক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল ৷ ডেম'ক্ৰেটছে মহাভিযোগ আনিবলৈ চেষ্টা কৰিছিল যদিও ৰিপাব্লিকানে ইয়াক খৰ্ব কৰিছিল ৷
কোভিড-19ৰ সময়ত ট্ৰাম্পৰ নেতৃত্বক লৈ বহুখিনি কথা ওলাইছিল য'ত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা আৰম্ভ কৰি কনছুল তদন্তলৈ স্থান পাইছিল ৷ এই মহামাৰীত আমেৰিকাৰ 2,15,000 লোক নিহত হোৱাৰ লগতে 8 মিলিয়ন লোক আক্ৰান্ত হৈছে ৷ এই মহামাৰীৰ সময়ত ট্ৰাম্পৰ নেতৃত্বক অধিক ব্যাপকভাৱে চুই গৈছিল ৷ আনহাতে একে সময়তে জৰ্জ ফ্লয়েডৰ হত্যায়ো বহুখিনি চৰ্চা লাভ কৰিছিল ৷
ট্ৰাম্প আৰু বিডেনৰ মাজত আমেৰিকানসকলে স্বাস্থ্য খণ্ড, জৈৱ বৈচিত্ৰ্য পৰিৱৰ্তন, বৈদেশিক নীতি আৰু নেতৃত্বক অধিক গুৰুত্ব প্ৰদান কৰিব বুলি অনুমান কৰা হৈছে ৷
লগতে পঢ়ক :নাগৰ্নো-কাৰাবাখৰ যুদ্ধবিৰতিৰ বিফলতা দেখাটো হতাশাজনক : ট্ৰাম্প