অসম

assam

ETV Bharat / international

ট্ৰাম্প চৰকাৰে বছৰৰ শেষৰ ভাগত কৰ্তন কৰিব H-1B ভিছা - H-1B ভিছা

মহামাৰী COVID-19 ৰ বাবে আমেৰিকাত দেখা দিয়া অৰ্থনৈতিক সংকট আৰু নিৱনুৱা সমস্যাৰ বাবেই ট্ৰাম্প শাসনাধীষ্ঠ চৰকাৰে কৰ্তন কৰিব ভিছা । ১ অক্টোবৰৰ ভিতৰত H-1B,L-1 লাভ কৰা হিতাধিকাৰীসকলৰ ভিছা কৰ্তন কৰা হ'ব বুলি সদৰি কৰে এক বিশেষ সূত্ৰই ।

আমেৰিকা
ট্ৰাম্প চৰকাৰে বছৰৰ শেষৰ ভাগত কৰ্তন কৰিব H-1B ভিছা

By

Published : Jun 23, 2020, 11:37 AM IST

নিউজ ডেস্ক, ২৩ জুনঃ চলিত বৰ্ষৰ শেষৰ ভাগত H-1B,L-1 আৰু অন্যান্য অস্থায়ী ভিছা কৰ্তন কৰিব আমেৰিকাৰ ট্ৰাম শাসনাধীষ্ঠ চৰকাৰে । এক বিশেষ সূত্ৰই সোমবাৰে সদৰি কৰে এই কথা । মহানমাৰী কৰ'ণা প্ৰতিৰোধৰ বাবে আমেৰিকাত উচ্চ হাৰত বৃদ্ধি পোৱা নিৱনুৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমেৰিকা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে । লগতে আমেৰিকা প্ৰশাসনে মহামাৰী কৰ'ণা ফলত অধিক ক্ষতিগ্ৰস্ত হোৱাৰ বাবেই আৰ্থিক সংকটৰ পৰা পৰিত্ৰাণ পাবলৈও বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সদৰি কৰে ।

ট্ৰাম্প চৰকাৰে বছৰৰ শেষৰ ভাগত কৰ্তন কৰিব H-1B ভিছা

এই ভিছা কৰ্তনৰ জৰিয়তে প্ৰথমে H-1B থকা ভিছা হিতাঅধিকাৰী সকলক প্ৰথমে লক্ষ্য কৰি লোৱা হ'ব বুলিও সূত্ৰই প্ৰকাশ কৰে । তাৰোপৰি প্ৰযুক্তিগত উদ্যোগত কৰ্মৰত লোক শ্ৰমিকৰ উপৰিও L-1 ভিছা যি ডাঙৰ উদ্যোগত কৰ্মৰত কৰ্মী তথা হোটেল আৰু নিৰ্মাণ কাৰ্যত জড়িত শ্ৰমিকসকলৰ S-2 ভিছা কৰ্তন কৰাৰ আশা ব্য়ক্ত কৰা হৈছে ।

লগতে পঢ়কঃ টীয়কত দাহ কৰা হ'ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক

ABOUT THE AUTHOR

...view details