নিউজ ডেস্ক, ১ মে': কৰ'ণা ভাইৰাছৰ উৎপত্তিক লৈ চীনক আক্ৰমণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ । বিশ্ব ব্যাপি ২,৩০,০০০ লাখ লোকৰ প্ৰাণ হানি কৰা আৰু বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাক কোঙা কৰি পেলোৱা এই ভাইৰাছৰ উৎপত্তি ৱুহান চহৰৰ বিজ্ঞান পৰীক্ষাগাৰৰ পৰা হোৱা বুলি দাবি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ।
ট্ৰাম্পে দাবী কৰি কৈছে যে, এনে কিছুমান তথ্য লাভ কৰিবলৈ সক্ষম হৈছে আমেৰিকাই, যিয়ে এই ধাৰণাক সঁচা প্ৰতিপন্ন কৰিব যে আচলতে এই ভাইৰাছ ৱুহানৰ পৰীক্ষাগাৰৰ পৰাই বাহিৰ হৈছে । হুৱাইট হাউছত এই কথা উল্লেখ কৰে ট্ৰাম্পে ।
এই সন্দৰ্ভত উপযুক্ত প্ৰমাণ আছে বুলি উল্লেখ কৰে যদিও অধিক তথ্য প্ৰদান কৰাৰ পৰা বিৰত থাকে ৰাষ্ট্ৰপতিগৰাকী । বৰ্তমান এই বিষয়ে তদন্ত চলাই থকা হৈছে আৰু অতি সোনকালেই সকলো কথা পোহৰলৈ আহিব বুলি ট্ৰাম্পে উল্লেখ কৰে । আনহাতে সংবাদ কৰ্মীয়ে কি ভিত্তিত ট্ৰাম্পে এই দাবী কৰা বুলি প্ৰশ্ন কৰাত ট্ৰাম্পে এইয়া বৰ্তমান ক'ব নোৱাৰি বুলি উল্লেখ কৰে ।
অৱশ্যে ইয়াৰ বাবে চীনৰ ৰাষ্ট্ৰপতি ঝী জিনপিঙক দোষী সাব্যস্ত কৰা নাই ট্ৰাম্পে । কিন্তু এই ভাইৰাছ চীনৰ পৰা আৰম্ভ হৈছে আৰু ইয়াক বাধা দিব পৰা গ'ল হয় বুলি উল্লেখ কৰে ট্ৰাম্পে । হয়তো জিনপিঙে ইয়াক বাধা দিবলৈ সক্ষম নাছিল অথবা বাধা দিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল বুলিও কটাক্ষ কৰে । যাৰ বাবে আজি বিশ্বই ইয়াৰ পৰিণাম ভুগিবলগীয়া হৈছে বুলি উল্লেখ কৰে ট্ৰাম্পে ।
চীনক দোষাৰোপ কৰাৰ পূৰ্বে এই সন্দৰ্ভত আচলতে কি হৈছিল সেই বিষয়ে জনাৰ দৰকাৰ আৰু অনাগত দিনত আমেৰিকাই এই বিষয়ে জানিবলৈ সক্ষম হ'ব বুলি কয় ট্ৰাম্পে ।
- লক্ ডাউন-2ঃ ষষ্ঠদশ দিনটোত ৰাজ্যজুৰি ক'ত কি ঘটিল !