অসম

assam

ETV Bharat / international

কিম জং উনক দেখিবলৈ পোৱাটো সৌভাগ্য: আমেৰিকাৰ ৰাষ্ট্ৰপতি - ডনাল্ড ট্ৰাম্প

উত্তৰ কোৰিয়াৰ নেতা কিম জং উন প্ৰায় ২০ দিনৰ বিৰতিৰ অন্তত পুনৰ জনতাৰ মাজলৈ উভটি আহিছে । কিম জং উনৰ প্ৰত্যাৱৰ্তনৰ খবৰ লাভ কৰি নিজকে সৌভাগ্যৱান বুলি উল্লেখ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে । দুয়োগৰাকী নেতাই পেংয়াংগ পাৰমানৱিক অস্ত্ৰ নীতি ভংগ কৰিবলৈ বিগত সময়ত তিনিবাৰকৈ মিলিত হৈছিল দুয়োগৰাকী নেতা ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু কিম জং উন
আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু কিম জং উন

By

Published : May 3, 2020, 5:14 PM IST

নিউজ ডেস্ক, ৩ মে' :আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কিম জং উনৰ প্ৰত্যাৱৰ্তনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । ২০ দিন ধৰি অন্তৰ্ধান হৈ থকা উত্তৰ কোৰিয়াৰ নেতাগৰাকীক দেখিবলৈ পোৱাটো সৌভাগ্যৰ কথা বুলি উল্লেখ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ।

শনিবাৰে উত্তৰ কোৰিয়াই সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কিম জং উনৰ ছবি প্ৰকাশ কৰে । চিউলস্থিত Yonhap News Agencyএ কিমৰ ফটো প্ৰকাশ কৰে ।

এই প্ৰতিবেদন প্ৰকাশৰ পিচতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । পেংয়াংগৰ উত্তৰে থকা চুনচনৰ এটা সাৰ কাৰখানাত বিগত ১ মে'ত কিমৰ ফটো প্ৰকাশ কৰিছিল সংবাদ মাধ্যমটোৱে । ইয়াক ৰিটুইট কৰি এইদৰে উল্লেখ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ।

লগতে পঢ়কঃউত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত যুদ্ধৰ দামামা !

ABOUT THE AUTHOR

...view details