নিউজ ডেস্ক, ১৩ জানুৱাৰী: আমেৰিকাৰ কেপিটল হিলত অৰাজক, হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে কৰা সমালোচনাক উপযুক্ত বুলি মন্তব্য কৰে ট্ৰাম্পে । ট্ৰাম্পৰ সমৰ্থকসকলে ইলেক্টৰেল কলাজৰ বিৰোধিতাৰে কেপিটল হিলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ট্ৰাম্পৰ সমৰ্থকসকলৰ উগ্ৰ ৰূপ দমন কৰিবলৈ যোৱা আৰক্ষীৰ সৈতেও হতাহতি হয় । পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক বিষম হৈ পৰাত কাৰ্ফিউ জাৰি কৰিবলৈ বাধ্য হয় । ৩ নৱেম্বৰত আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনত জ' বাইডেন জয়ী হোৱাটো নিশ্চিত হৈ পৰাত ট্ৰাম্পে তেওঁৰ সমৰ্থকসকলক নিৰ্বাচনৰ ফলাফলৰ বিৰুদ্ধে যোৱা সপ্তাহত হোৱাইট হাউচ বিৰোধিতা কৰিবলৈ উৎসাহ যোগায় ।
হোৱাইট হাউচৰ বাহিৰত ইলিপ্সত হোৱা এক ৰেলীত কংগ্ৰেছে ভাল কাম কৰিব লাগিব বুলি দাবী জনোৱাৰ লগতে অধিক শক্তিশালী আৰু দৃঢ় হ'ব লাগিব বুলি ট্ৰাম্পে কয় । যেতিয়ালৈকে ট্ৰাম্পে তেওঁৰ আসন এৰি নিদিয়ে সেই পৰ্যন্তলৈ সকলো সামাজিক যোগাযোগ ব্যৱস্থাৰ পৰা বহিস্কাৰ কৰা হয় ট্ৰাম্পক ।