অসম

assam

ETV Bharat / international

মাৰ্কিন কেপিট'ল হিলৰ হিংসাত্মক কাণ্ডক গৰিহণা দিলে ড'নাল্ড ট্ৰাম্পে - ড'নাল্ড ট্ৰাম্প

অৱশেষত মাৰ্কিন কেপিট'ল হিলৰ ভিতৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাক গৰিহণা দিলে ড'নাল্ড ট্ৰাম্পে । বুধবাৰে ট্ৰাম্পৰ সমৰ্থকে প্ৰতিবাদ কৰিবলৈ গৈ কেপিট'ল হিলৰ ভিতৰত প্ৰৱেশ কৰি অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল । ইয়াৰ পৰণতিস্বৰপে প্ৰতিবাদকাৰীয়ে নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ।

মাৰ্কিন কেপিট'ল হিলৰ হিংসাত্মক কাণ্ডক গৰিহণা দিলে ড'নাল্ড ট্ৰাম্পে
মাৰ্কিন কেপিট'ল হিলৰ হিংসাত্মক কাণ্ডক গৰিহণা দিলে ড'নাল্ড ট্ৰাম্পে

By

Published : Jan 8, 2021, 12:18 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ জানুৱাৰী: মাৰ্কিন কেপিট'ল হিলৰ ভিতৰত বুধবাৰে সংঘটিত হোৱাৰ ঘটনাৰ আঁৰত ড'নাল্ড ট্ৰাম্পৰ ভূমিকা আছে বুলি সকলোৱে সন্দেহ কৰিছে যদিও এই সন্দৰ্ভত স্পষ্টকৈ মতামত আগবঢ়োৱাৰ পৰা বিৰত আছিল ট্ৰাম্প । অৱশেষত এটা ভিডিঅ' বাৰ্তাৰ জৰিয়তে এই ঘটনা তীব্ৰ ভাষাৰে গৰিহণা দিলে ড'নাল্ড ট্ৰাম্পে । ভিডিঅ'টোত তেওঁ কয় যে, কংগ্ৰেছে ফলাফলক স্বীকৃতি দিছে আৰু অহা ২০ জানুৱাৰীত নতুন প্ৰশাসনে দায়িত্বভাৰ গ্ৰহণ কৰিব ।

লগতে এতিয়াৰে পৰা তেওঁ সু-শৃংখল, নীতি সন্মত শাসন ব্যৱস্থা চলিছেনে নাই সেই বিষয়ে নিশ্চিত কৰাত মনোনিৱেশ কৰিব বুলিও মন্তব্য কৰে । কেপিট'ল হিলৰ হিংসাত্মক ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে এই ঘটনাক জঘন্য আক্ৰমণ আখ্যা দিয়ে । তেওঁ কয় যে, একাংশ সমৰ্থকে হিংসাৰ আশ্ৰয় লৈ অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে আইনৰ উৰ্ধত যোৱাৰ দুঃসাহস কৰি তেওঁক ক্ষোভিত কৰিছে ।

অৱশ্যে এই কাণ্ড সংঘটিত কৰাৰ বাবে সমৰ্থকক উচতনি দিয়াৰ ক্ষেত্ৰত তেওঁৰ কি ভূমিকা আছিল সেই বিষয়ে কোনো ধৰণৰ কথা প্ৰকাশ কৰা নাই ট্ৰাম্পে । তেওঁৰ পৰাজয়ৰ বাবে নিৰাশ হোৱা সমৰ্থকসকলক উদ্দেশ্যি তেওঁ কয় যে, তেওঁলোকৰ যাত্ৰাৰ এয়া মাথোঁ আৰম্ভণিহে । উল্লেখ্য যে, বুধবাৰে মাৰ্কিন কেপিট'ল হিলৰ ভিতৰত ট্ৰাম্পৰ সমৰ্থকে আক্ৰমণ কৰা ঘটনাক লৈ দেশখনৰ বহুকেইগৰাকী সাংসদে ট্ৰাম্পক নিজৰ সমৰ্থকৰ কাণ্ডৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনাইছিল ।

লগতে পঢ়ক:ভাৰতীয় মুলৰ ড৹ ৰাজ আয়াৰ আমেৰিকান সেনাৰ চিআইঅ’ নিযুক্ত

ABOUT THE AUTHOR

...view details