নিউজ ডেস্ক, 21 এপ্ৰিল: শ্ৰীলংকাৰ কূটাঘাতমূলক বোমা বিস্ফোৰণত শ-শ লোকে প্ৰাণ হেৰুৱাৰ লগতে বহুসংখ্যক লোক আঘাতপ্ৰাপ্ত হোৱাৰ পাছতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে সমবেদনা জ্ঞাপন কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পেও টুইটাৰযোগে সমবেদনা জ্ঞাপন কৰিবলৈ যাওঁতে ভুল তথ্য প্ৰদান কৰাত টুইটাৰ ব্যৱহাৰকাৰী সকলৰ তীব্ৰ বাক্যবাণৰ সন্মুখীন হ'ব লগা হয় ৷ টুইটাৰত তেওঁ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা "138 মিলিয়ন" বুলি লিখাৰ লগে লগে টুইটাৰ ব্যৱহাৰকাৰী সকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ অৱশ্যে ইয়াৰ পাছতে নিজৰ ভুলৰ উমান পাই ৰাষ্ট্ৰপতি গৰাকীয়ে টুইটটো আঁতৰাই এক নতুন টুইট দিয়ে ৷
ভুল টুইটেৰে ৰাইজৰ ৰোষত ট্ৰাম্প - ETV BHARAT
শ্ৰীলংকাৰ কূটাঘাতকাৰী বোমা বিস্ফোৰণৰ পাছতে ভুল টুইটেৰে টুইটাৰ ব্যৱহাৰকাৰীৰ তীব্ৰ বাক্যবাণৰ সন্মুখীন হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ টুইটাৰত তেওঁ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা "138 মিলিয়ন" বুলি লিখে যদিও ভুল বুজি পাই টুইটটো আঁতৰাই দিয়ে ৷
TRUMP'S TWEET
উল্লেখ্য যে, এই ভয়াবহ আক্ৰমণত 200ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে 600ৰো অধিক লোক আহত হয় ৷