নিউজ ডেস্ক, 20 অক্টোবৰ :আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ শেষৰটো তৰ্কত বৈদেশিক নীতি অন্তৰ্ভূক্ত কৰাৰ বাবে আহ্বান জনাইছে ট্ৰাম্পে ৷ ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ ব্যৱস্থাপক বিল ষ্টেপইনে এই সন্দৰ্ভত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আয়ুক্তলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ৷ অক্টোবৰ 22ত অনুষ্ঠিত হ'বলগীয়া শেষৰটো তৰ্কত আমেৰিকাৰ বৈদেশিক নীতি সংলগ্ন কৰাৰ লগতে তৰ্ক পৰিচালকে মাইক্ৰফোনৰ সংযোগ বিচ্ছিন্ন কৰি দিয়া ক্ষমতা বাতিলৰ বাবে পত্ৰখনত উল্লেখ কৰে ৷
লগতে পঢ়ক :2020ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ'ব নেকি ট্ৰাম্প ?
আমেৰিকাৰ ৰাইজৰ লগতে নিৰ্বাচনী প্ৰচাৰৰ অখণ্ডতা বৰ্তাই ৰাখিবলৈ অক্টোবৰ 22ৰ শেষৰটো ৰাষ্ট্ৰপতি তৰ্কৰ বিষয়সমূহ পুনৰাই ভাবি লৈ ইয়াত বৈদেশিক নীতিৰ দৰে বিষয়টো অন্তৰ্ভূক্ত কৰাৰ বাবে পত্ৰখনত উল্লেখ কৰে বিলে ৷ বিলৰ মতে তৰ্কৰ পৰিচালকে কোভিড-19ৰ বিৰুদ্ধে যুঁজ,আমেৰিকাৰ পৰিয়াল, আমেৰিকাৰ বৰ্ণ,জৈৱ বৈচিত্ৰ্যৰ পৰিৱৰ্তন,ৰাষ্ট্ৰীয় সুৰক্ষা আৰু নেতৃত্ব আদিৰ দৰে কম সংখ্যক বিষয়হে সামৰি লয় ৷ কিন্তু বৈদেশিক নীতিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়টো এৰাই চলাটো একেবাৰে ভিত্তিহীন ৷ সেয়ে আগন্তুক তথা শেষৰটো তৰ্কত বৈদেশিক নীতি অন্তৰ্ভূক্ত কৰাটো অতিকে গুৰুত্বপূৰ্ণ বিষয় হিচাপে গুৰুত্ব প্ৰদান কৰিব লাগে ৷ আনহাতে পত্ৰখনত তৰ্ক পৰিচালকৰ হাতত থকা মাইক্ৰফোনৰ নিয়ন্ত্ৰণ বাতিল কৰিবলৈয়ো উল্লেখ কৰে বিলে ৷