অসম

assam

ETV Bharat / international

পুনৰ চীনক জগৰীয়া ট্ৰাম্পৰ, বেইজিঙৰ পৰা COVID-19ৰ উদ্ভৱ হোৱা বুলি মন্তব্য - কৰণা ভাইৰাছ

পুনৰ চীনৰ ওপৰত নিজৰ ক্ষোভ প্ৰকাশ ড'নাল্ড ট্ৰাম্পৰ ৷ হোৱাইট হাউছত এই মন্তব্য ট্ৰাম্পৰ ৷

চীনক জগৰীয়া ট্ৰাম্পৰ
ড'নাল্ড ট্ৰাম্প

By

Published : Mar 27, 2020, 12:43 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 27 মাৰ্চ : আমেৰিকাৰ প্ৰধানমন্ত্ৰী ড'নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে COVID-19 ৰ উৎপত্তিক লৈ পুনৰবাৰ চীনক জগৰীয়া কৰে ৷

চীনক জগৰীয়া ট্ৰাম্পৰ

তেওঁ দাবী কৰে যে, তেওঁৰ চৰকাৰ শাসনত অধিষ্ঠিত নোহোৱা পৰ্যন্ত চীনে আমেৰিকাৰ পৰা অৰ্থনৈতিক লাভালাভ আদায় কৰিলে ৷ হোৱাইট হাউছত উপস্থিত হৈ ট্ৰাম্পে এই মন্তব্য কৰে ৷

উল্লেখ্য যে, কৰ'ণা ভাইৰাছে আমেৰিকাত আক্ৰমণাত্মক ৰূপ ধাৰণ কৰাৰ লগতে ই আৰু জটিল পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি বিশেষজ্ঞসকলে মন্তব্য আগবঢ়াইছে ৷

বৰ্তমানলৈকে আমেৰিকাত 82,000 ঘটনা পোহৰলৈ অহাৰ লগতে ই সমগ্ৰ বিশ্বৰ ভিতৰতে শীৰ্ষত অৱস্থান কৰিছে ৷

যোৱা সপ্তাহত ট্ৰাম্পে জনসমাগমৰ পৰা নাগৰিকক বিৰত থকাৰ লগতে আছুতীয়া কক্ষত 15 দিন বসবাস কৰিবলৈ পৰামৰ্শ দিছিল ৷

আৰু পঢ়ক : 104 বছৰত ইহলীলা সম্বৰণ ব্ৰহ্ম কুমাৰীৰ মুৰব্বী দাদী জানকীৰ

ABOUT THE AUTHOR

...view details