নিউজ ডেস্ক,22 অক্টোবৰ : আন্ত ৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ছমাহ অভিযান সম্পূৰ্ণ হোৱাৰ পাচত বৃহস্পতিবাৰে এটি মহাকাশ ভ্ৰমণকাৰী দলে পুনৰ পৃথিৱীলৈ নিৰাপদে উভতি আহে ৷
ছমাহৰ অভিযানৰ অন্তত নিৰাপদে পৃথিৱীত উপস্থিত নাছাৰ তিনি মহাকাশচাৰী
নাছাৰ মহাকাশচাৰী Chris Cassidy,Roscosmos' Anatoly Ivanishin আৰু Ivan Vagnerয়ে International Space Stationৰ ছমাহ অভিযান সম্পূৰ্ণ হোৱাৰ পাচত বৃহস্পতিবাৰে পুৱা 7.54 বজাত নিৰাপদে পৃথিৱীত প্ৰৱেশ কৰে ৷
ছমাহৰ অভিযানৰ অন্তত নিৰাপদে পৃথিৱীত উপস্থিত নাছাৰ তিনি মহাকাশচাৰী
নাছাৰ মহাকাশচাৰী Chris Cassidy,Roscosmos' Anatoly Ivanishin আৰু Ivan Vagnerক লৈ যোৱা Soyuz capsule খন পুৱা 7.54 বজাত দক্ষিণ-পূৱৰ কাজাখস্তানত প্ৰৱেশ কৰে ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত তিনিও গৰাকীক হেলিকপ্তাৰেৰে দেজহেজাজগনলৈ লৈ যাব আৰু তাৰ পৰা নিজ নিজ ঘৰলৈ প্ৰেৰণ কৰা হ’ব ৷ কৰ’ণা ভাইৰাছৰ বাবে সাৱধানতা অৱলম্বন কৰি চালক দলটোক সাক্ষাৎ কৰিবলৈ যোৱা ৰাছিয়ান দলৰ সদস্যৰ শ্বাৱ পৰীক্ষা কৰা হয় ৷ চলিত বৰ্ষৰ এপ্ৰিল মাহত Cassidy,Ivanishin আৰু Vagnerয়ে ষ্টেচনটোত যোগদান কৰিছিল ৷