ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ: আমেৰিকাৰ বিখ্যাত আলোচনী "টাইমে" ২০২১ বৰ্ষত "বছৰটোৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি"ৰ সন্মান আগবঢ়াইছে টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কলৈ((Time magazine's Person of the Year)) । মাস্কক তীক্ষ্ণ বুদ্ধি সম্পন্ন, দূৰদৰ্শী, উদ্যোগপতি বুলি অভিহিত কৰিছে টাইম আলোচনীয়ে ।
মহাকাশ অন্বেষণ কোম্পানী স্পেচএক্সৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্ক বৰ্তমান প্ৰায় ৩০০ বিলিয়ন মাৰ্কিন ডলাৰৰ সম্পত্তিৰ গৰাকী । শেহতীয়াকৈ এমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছক পিছ পেলাই এলন মাস্কে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে(World's richest person Elon Musk) ।
টেছলাত থকা তেওঁৰ প্ৰায় ১৭ শতাংশ ষ্টক সোমবাৰে প্ৰায় ১,০০০ আমেৰিকান ডলাৰকৈ বিক্ৰী হৈছে । ২০০২ চনত স্পেচএক্স প্ৰতিষ্ঠা কৰাৰ পৰা আৰম্ভ কৰি গাড়ী কোম্পানী টেছলাৰ উপৰিও বৈকল্পিক শক্তি কোম্পানী চ'লাৰচিটি সৃষ্টিৰ বাবে মাস্কে কৰা প্ৰচেষ্টাৰ বিষয়ে বিস্তৃতভাৱে টাইমে উল্লেখ কৰিছে । ছ'চিয়েল মিডিয়াত মাস্কৰ অনুৰাগীৰ সংখ্যাৰ বিষয়েও আলোচনীখনত প্ৰকাশ কৰা হৈছে । টুইটাৰত তেওঁৰ ৬৬ নিযুত ফল'ৱাৰ্ছ আছে । তেওঁ বিদেশী শক্তিকো সহায় আগবঢ়ায় ।