অসম

assam

By

Published : Jun 7, 2020, 10:49 AM IST

ETV Bharat / international

হোৱাইট হাউছৰ সমীপত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ

আমেৰিকাৰ ৱাছিংটনৰ ৰাজপথত শনিবাৰে সাব্যস্ত কৰে বিশাল প্ৰতিবাদ । বিগত কিছুদিন পূৰ্বে আমেৰিকাত আৰক্ষীৰ বৰ্বৰতাৰ বাবেই জৰ্জ ফ্লয়েড নামৰ এজন কৃষ্ণাংগ ব্যক্তিৰ মৃত্যু হয় । যাৰ বাবে সমগ্ৰ আমেৰিকাতে বৰ্ণবৈষম্যকলৈ আৰম্ভ হৈছে প্ৰতিবাদ ।

আমেৰিকা
আমেৰিকাৰ হোৱাইট হাউছৰ সমীপত প্ৰতিবাদ সাব্যস্ত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ

নিউজ ডেস্ক, ৭ জুনঃ শনিবাৰে আমেৰিকাৰ ৱাছিংটনৰ ৰাজপথ তথা হোৱাইট হাউছৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ প্ৰতিবাদকীৰয়ে । বৰ্ণবৈষম্যৰ বিৰুদ্ধে শৃংখলাবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।

আমেৰিকাৰ হোৱাইট হাউছৰ সমীপত প্ৰতিবাদ সাব্যস্ত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ

উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে আফ্ৰিকা-আমেৰিকাৰ জৰ্জ ফ্লয়েড নামৰ এজন কৃষ্ণাংগ ব্যক্তিৰ ওপৰত এজন বগা আৰক্ষী বিষয়াই শাৰীৰিক নিৰ্যাতন চলায় । এই ঘটনাৰ পাচতে কৃষ্ণাংগ ব্যক্তি গৰাকীৰ মৃত্যু হৈছিল বুলি আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পায় । যাৰ বাবে সমগ্ৰ আমেৰিকাতে এতিয়া আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ । আনহাতে, প্ৰতিবাদৰ বাবেই শনিবাৰে ৱাছিংটনৰ ৰাজপথত যান-বাহনৰ চলাচল স্তব্ধ হৈ পৰে।

ABOUT THE AUTHOR

...view details