ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ :কেলিফ’ৰ্ণিয়া ঘাটিৰ পৰা শনিবাৰে ৫২ টা ষ্টাৰলিংক ইণ্টাৰনেট উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হয় (SpaceX launches 52 Starlink satellites from California) । স্পেচএক্স ৰকেটৰ সহায়ত এই উপগ্ৰহসমূহ প্ৰেৰণ কৰা হয় । দুটা পৰ্যায়ৰ ফালকন ৯ ৰকেটে (Falcon 9 rocket) ভাণ্ডেনবাৰ্গ মহাকাশ বাহিনীৰ ঘাটিৰ পৰা দেওবাৰে পুৱা ৪.৪১ বজাত প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে উৰা মাৰে ।
প্ৰথম অংশ ফালকন উভতি আহে আৰু সাগৰত স্পেচএক্স ড্ৰোণশ্বিপত অৱতৰণ কৰে । এয়া হৈছে ফালকনৰ প্ৰথম অংশটোৰ ১১ তম উৎক্ষেপণ । কেলিফ’ৰ্ণিয়াৰ হথৰ্ণত স্পেচএক্সৰ মুখ্য কাৰ্যালয়ত উৎক্ষেপণ দলৰ অন্যতম সদস্য ইউমেই ঝৌয়ে জনোৱা মতে ফালকনৰ দ্বিতীয় অংশটো কক্ষপথলৈ গতি কৰে আৰু উপগ্ৰহসমূহৰ উৎক্ষেপণ নিশ্চিত কৰিব ।