অসম

assam

ETV Bharat / international

ক'ভিড ১৯ সংক্ৰমণ : মাস্কৰ বিকল্প হ'ব পাৰে ভেকুৱাম ক্লিনাৰৰ ফিল্টাৰ !

কিছুমান মাস্কৰ গুণাগুণ অন্য মাস্কতকৈ ভাল । তাতোকৈ ভাল ভেকুৱাম ক্লিনাৰত ব্যৱহৃত ফিল্টাৰখন । এৰিজনা বিশ্ববিদ্যালয়ৰ এক অধ্যয়নৰ অন্তত এই পোৱা গৈছে এই আৰ্শ্বযজনক বিকল্পৰ তথ্য ।

By

Published : Jul 11, 2020, 11:48 PM IST

Some mask materials better than others, vacuum cleaner filter good option: Study
ক'ভিড ১৯ ভাইৰাছৰ সংক্ৰমণৰ পৰা বাছিবলৈ মাস্কৰ বিকল্প হ'ব পাৰে ভেকুৱাম ক্লিনাৰৰ ফিল্টাৰ !

নিউজ ডেস্ক, ১১জুলাই : মহামাৰী ক'ভিড -১৯ ৰ ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ ৰাখি এৰিজনা বিশ্ববিদ্যালয়ৰ এক অধ্যয়নৰ জড়িয়তে পোৱা গৈছে N99, N95 অথবা চাৰ্জিকেল মাস্কৰ আন এক বিকল্প হ'ব পাৰে ভেকুৱাম ক্লিনাৰত ব্যৱহাৰ কৰা ফিল্টাৰখন ।

যি সময়ত সমগ্ৰ বিশ্বতে চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত অথবা চিকিৎসা বিজ্ঞানৰ আওঁতাৰ বাহিৰত থকা সকলোকে মাস্ক পিন্ধিবৰ বাবে আহ্বান জনোৱা হৈছে, তেনে এক সময়তে এৰিজনা বিশ্ববিদ্যালয়ে সৰ্বত্ৰে ব্যৱহাৰ হৈ থকা বিভিন্ন মাস্কৰ তথ্য সংগ্ৰহ কৰি ইয়াৰ গুণাগুণৰ ওপৰত চলাইছিল অধ্যয়ন । ইয়াত পৰীক্ষা কৰা হৈছিল ক'ভিড-১৯ৰ ভাইৰাছৰ সংক্ৰমণৰ পৰা বাচিবৰ বাবে ব্যৱহৃত এই সমূহ মাস্ক কিমান সুৰক্ষিত হ'ব পাৰে ।

গৱেষক সকলে অধ্যয়নত পোৱা তথ্য মতে, ক'ভিড-১৯ৰ ভাইৰাছ থকা কোনো স্থানত এখন সুৰক্ষিত উপাদানেৰে তৈয়াৰী মাস্ক ক্ৰমে ২০ মিনিট ৩০ চেকেণ্ডৰ বাবে পৰিধান কৰিলে অধিক সময়ৰ বাবে পিন্ধা মাস্কৰ ক্ষেত্ৰত অন্য সাধাৰণ মাস্কৰ তুলনাত সংক্ৰমণৰ হাড় হ্ৰাস হৈ ২৪-৯৪ শতাংশ আৰু কম সময়ৰ বাবে পিন্ধা মাস্কৰ ক্ষেত্ৰত ৪৪-৯৯ শতাংশ হ'ব । কিন্তু ই মাস্ক আৰু ভাইৰাছৰ অৱস্থিতিৰ সময়ৰ ওপৰতো নিৰ্ভৰ কৰিব ।

ইয়াৰোপৰি গৱেষক সকলৰ অধ্যয়নত পোৱা তথ্য মতে, N95 ৰ তুলনাত N99 মাস্ক অধিক সুৰক্ষিত । এই মাস্ক পৰিধান কৰিলে সংক্ৰমণৰ হাৰ ৯৪-৯৯ শতাংশলৈ হ্ৰাস হ'ব । যিহেতু N99 ৰ মাস্ক বজাৰত সহজলভ্য নহয়, সেয়ে ভাইৰাছৰ সংক্ৰমণৰ পৰা বাছিবৰ বাবে N95 আৰু চাৰ্জিকেল মাস্কেই হ'ব অন্যতম সুৰক্ষিত বিকল্প ।

তাৰোপৰি আন এক আৰ্শ্বযজনক বিকল্প হ'ব ভেকুৱাম ক্লিনাৰত ব্যৱহাৰ কৰা ফিল্টাৰখন । বিশেষজ্ঞ সকলে কৰা অধ্যয়নত পোৱা তথ্য মতে, ভেকুৱাম ক্লিনাৰৰ ফিলটাৰখন ব্যৱহাৰ কৰিলে ৩০ চেকেণ্ডত ৮৩ শতাংশ সংক্ৰমণৰ হাৰ কমিব । একে ধৰণে সংক্ৰমণৰ আশংকা থকা কোনো স্থানত ২০ মিনিটলৈকে অৱস্থান কৰিলে সংক্ৰমণৰ হাৰ ৫৮ শতাংশলৈ কমি আহিব ।

লগতে পঢ়ক : কামৰূপ মহানগৰ জিলাত বৃদ্ধি হ’ব লক ডাউন: হিমন্ত বিশ্ব শৰ্মা

For All Latest Updates

ABOUT THE AUTHOR

...view details