ইন্টাৰনেশ্বনেল ডেস্ক, 25 ছেপ্টেম্বৰ :ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী শেহতীয়াকৈ তিনি দিনীয়া কাৰ্যসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ গৈছে ৷ কেইবাটাও কাৰণত প্ৰধানমন্ত্ৰী গৰাকীৰ এই যাত্ৰা যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ বিশেষকৈ এই ভ্ৰমণতেই ৰাষ্ট্ৰপতি হোৱাৰ পিছত জ’ বাইডেনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো পোন-পটীয়া সাক্ষাৎ সম্ভৱপৰ হৈছে ৷ মোদীৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকালত ইয়াৰ পূৰ্বৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি সকল ক্ৰমে বাৰাক ওবামা আৰু ডনাল্ড ট্ৰাম্পৰ সৈতে যথেষ্ট সৌহাদ্যপূৰ্ণ সম্পৰ্ক স্থাপন হোৱা দেখা পোৱা গৈছিল ৷
দুই ৰাষ্ট্ৰৰ শীৰ্ষ নেতা দুগৰাকীৰ সাক্ষাৎৰ ওপৰিও এই ভ্ৰমণত স্থান পোৱা কেইটামান গুৰুত্বপূৰ্ণ বিষয় হৈছে :
- বিডেনে ইউএনএছচিত ভাৰতৰ স্থায়ী আসন, এনএছজিত প্ৰৱেশৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থনৰ বিষয়টোৰ পুনৰাবৃত্তি :
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে হোৱাইট হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ প্ৰথম ব্যক্তিগত দ্বিপাক্ষিক বৈঠকত সংস্কাৰিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদ আৰু পাৰমাণৱিক যোগানকৰ্তা গোটত প্ৰৱেশৰ প্ৰতি আমেৰিকাৰ সমৰ্থনৰ কথা দোহাৰে । শুকুৰবাৰে হোৱাইট হাউচত তেওঁলোকৰ বৈঠকৰ পিছত জাৰি কৰা আমেৰিকা-ভাৰত যুটীয়া নেতাসকলৰ বিবৃতি অনুসৰি এই কথা স্পষ্ট হৈছে ৷
- ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ trade policy forum পুনৰ আহ্বানৰ প্ৰচেষ্টা :