ইন্টাৰনেশ্বনেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী :ব্ৰাজিলৰ পেট্ৰ’পলিছত চহৰত হোৱা প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনত এতিয়ালৈকে প্ৰায় ৭৮ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে(Deadly landslides wreak havoc in Brazilian city) । বান আৰু ভূমিস্খলনৰ ফলত সমগ্ৰ চহৰখনত এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে । বানৰ এই তাণ্ডৱৰ ফলত বাট-পথ নদীলৈ পৰিণত হৈছে আৰু বহু ঠাইত ঘৰ খহি পৰাৰ কথা জানিব পৰা হৈছে ।
স্থানীয় লোকে সদৰি কৰা অনুসৰি মঙলবাৰে ৰিঅ' ডি জেনেৰিঅ'ৰ উত্তৰ দিশৰ পাহাৰত অৱস্থিত মনোৰম পৰ্যটন চহৰ পেট্ৰ’পলিছত মুষলধাৰ বৰষুণ হৈছিল । প্ৰায় তিনি ঘন্টা ধৰি হোৱা এই বৰষুণ মাহজোৰাৰ সমান বৰষুণ হৈছিল । ব্ৰাজিলৰ উদ্ধাৰ কৰ্মীসকলে এই ধুমুহা বৰষুণৰ পাছত বোকা আৰু ধ্বংসাৱশেষত পুতি খোৱা অৱস্থাত বহু জীৱিত লোকক বিচাৰি উলিয়াবলৈ সক্ষম হৈছিল যদিও এতিয়াও বহুলোক এতিয়াও সন্ধানহীন হৈ আছে ।