ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ: তিনিখনকৈ কৃষি আইনৰ বিৰোধিতাৰে ভাৰতত কৃষকসকলে অব্যাহত ৰখা প্ৰতিবাদক লৈ চিন্তা ব্যক্ত কৰি আমেৰিকাৰ ৭ গৰাকী প্ৰভাৱশালী আইন প্ৰণেতাই । এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি আইন প্ৰণেতা কেইগৰাকীয়ে সচিব মাইক পম্পিঅ'লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । আমেৰিকাৰ এই ৭ জনীয়া আইন প্ৰণেতাৰ দলটোত আছে ভাৰতীয় মূলৰ মাৰ্কিন কংগ্ৰেছ মহিলা জয়পাল ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই চলিত মাহৰ আৰম্ভণিতে কৈছিল যে, আমি ভাৰতীয় কৃষকক লৈ কৰা কিছুমান ভুল মন্তব্য প্ৰত্যক্ষ কৰিছে । এনে মন্তব্য কৰা অনুচিত । বিশেষকৈ ই কোনো এখন গণতান্ত্ৰিক দেশৰ আভ্যন্তৰীণ বিষয়ক প্ৰভাৱিত কৰে । যোৱা ২৩ ডিচেম্বৰত আইন প্ৰণেতাই পম্পিঅ'লৈ প্ৰেৰণ কৰা পত্ৰ কোৱা হৈছে যে, "এয়া পঞ্জাৱৰে জড়িত শিখ সম্প্ৰদায়ৰ আমেৰিকাৰ নাগৰিকৰ বাবে চিন্তাৰ বিষয় ।"
ভাৰতীয় মূলৰ বহু মাৰ্কিন নাগৰিকৰ ওপৰত ভাৰতৰ কৃষক বিদ্ৰোহে প্ৰভাৱ পেলাইছে । পঞ্জাৱত থকা তেওঁলোকৰ পৰিয়ালক লৈ তেওঁলোক চিন্তিত হৈ পৰিছে । এনে কঠিন পৰিস্থিতিত আমেৰিকাই ভাৰত চৰকাৰৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰি সমস্যাৰ সমাধানৰ পথ উলিয়াব পাৰে । কিয়নো, ৰাজনৈতিক বিদ্ৰোহৰ ৰোধ কৰাৰ ক্ষেত্ৰত আমেৰিকা অভিজ্ঞ ।