নিউ ইয়ৰ্ক, 22 নৱেম্বৰ:ক'ভিডত আক্ৰান্ত হোৱাত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক প্ৰদান কৰা ৰেগেনেৰন ফাৰ্মাচিউটিকেলৰ এন্টিবডী চিকিৎসাক জৰুৰীকালিন অৱস্থাত প্ৰয়োগৰ বাবে সন্মতি প্ৰদান কৰিছে সংযুক্ত ৰাষ্ট্ৰৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন (এফডিএ) য়ে ৷
এক বিবৃতিত ৰেগেনেৰনৰ মুখ্য কাৰ্যবাহী বিষয়া তথা সভাপতি গৰাকীয়ে কয় যে ক'ভিড-19 অতিমাৰীৰ বিৰুদ্ধে যুঁজ খনত জৰুৰীকালীন অৱস্থাত ৰেগেনেৰনৰ ফাৰ্মাচিটিউকেলচ এন্টিবডী ট্ৰিটমেন্ট প্ৰয়োগ কৰাৰ বাবে এফডিএৰ এই সন্মতি এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ এই পদক্ষেপৰ জৰিয়তে সংযুক্ত ৰাষ্ট্ৰৰ গুৰুতৰ ভাৱে আক্ৰান্ত ৰোগী সকলে এক আশানুৰূপ চিকিৎসা লাভ কৰিবলৈ সক্ষম হ'ব ৷