নিউজ ডেস্ক, ২১ জানুৱাৰী: আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি ভাৰতীয় মূলৰ কমলা হেৰিছে নতুন ইতিহাস লিখিলে । বুধবাৰে শপত বাক্য পাঠ কৰিয়েই দেশৰ হৈ সেৱা আগবঢ়াবলৈ সাজু বুলি মন্তব্য কৰে হেৰিছে । ভাৰতীয় মূলৰ কৃষ্ণাংগ আমেৰিকান প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে সংযুক্ত ৰাষ্ট্ৰৰ সংবিধানৰ শপত খায় সকলো শত্ৰুৰ বিৰুদ্ধে দেশ ৰক্ষা কৰিব আৰু একান্ত স্বচ্ছ আৰু নিষ্ঠাৰে নিজৰ কৰ্তব্যৰ লগতে দেশৰ সেৱা আগবঢ়াই নিব বুলি কয় ।
শপত গ্ৰহণৰ পূৰ্বে মাতৃৰ কষ্ট আৰু সাধনাৰ বাবে আজি এই পৰ্যায়ত উপনীত হ'বলৈ সক্ষম বুলি হেৰিছে টুইট কৰে ।
৪৯ সংখ্যক হিচাপে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু মাৰ্কিন যুক্ত ৰাষ্ট্ৰৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে জ'বাইডেনে শপত গ্ৰহণৰ লগে লগে অন্ত পৰিল মাৰ্কিন ৰাজনীতিৰ আটাইতকৈ সংঘাতপূৰ্ণ ট্ৰাম্প প্ৰশাসনৰ কাৰ্যকাল । উল্লেখ্য যে, ৬১ বছৰীয়া মাইক পেন্সৰ উপ-ৰাষ্ট্ৰপতি পদৰ দায়িত্বভাৰ গ্ৰহণ কৰে হেৰিছে ।
কমলা হেৰিছৰ পিতৃ আছিল জামাইকান মূলৰ অৰ্থনীতিবাদ তথা ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ ড'নাল্ড হেৰিছ আৰু মাতৃ বায়'মেডিকেল বিজ্ঞানী চেন্নাইৰ শ্যামলা গোপালন । ১৯৬৪ চনত কেলিফৰ্ণিয়াৰ অ'কলেণ্ডত জন্ম গ্ৰহণ কৰিছিল হেৰিছে । বে' এলেকাত ডাঙৰ-দীঘল হৈছিল যদিও পৰিয়ালৰ সৈতে সঘনাই ভাৰতৰে যাত্ৰা অব্যাহত ৰাখিছিল হেৰিছে । ১২ বছৰ বয়সতে হেৰিছ আৰু তেওঁৰ ভগ্নী মায়াই মাতৃৰ সৈতে কানাডাৰ মন্ত্ৰিয়াললৈ গৈছিল । উল্লেখ্য যে, কৰ্মসূত্ৰে হেৰিছৰ মাতৃয়ে মন্ত্ৰিয়ালত আছিল । ২০০৯ চনত মাতৃ শ্যামলাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল ।