অসম

assam

Diego Maradona: ২১ বছৰ আগৰ যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত মাৰাডনা

By

Published : Nov 23, 2021, 5:50 PM IST

আৰ্জেন্টিনাৰ এখন আদালতত গোচৰ ৰুজু হৈছে প্ৰয়াত ফুটবলাৰ তাৰকা ডিয়েগ’ মাৰাডনাৰ বিৰুদ্ধে (rape allegation against soccer star Late Diego Maradona) ৷ ফটবলাৰগৰাকীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ কিউবাৰ এগৰাকী মহিলাৰ (cuban woman alleges rape by Maradona) ৷ মাৰাডনাৰে (Diego Maradona) প্ৰেমৰ সম্পৰ্কত থকাৰো অভিযোগ মহিলাগৰাকীৰ ৷

Cuban woman alleges Diego Maradona raped her when she was 16
প্ৰয়াত ফুটবল তৰকা ডিয়েগ’ মাৰাডনাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ মহিলাৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 23 নৱেম্বৰ : প্ৰয়াত ফুটবল তাৰকা ডিয়েগ’ মাৰাডনা (soccer star Diego Maradona)ৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী কিউবান মহিলাই ৷ মেভিজ আলভাৰিজ (Mavys Álvarez) নামৰ মহিলাগৰাকীয়ে আৰ্জেন্টিনাৰ এখন আদালতত অভিযোগ দাখিল কৰিছে যে, প্ৰয়াত তাৰকা ডিয়েগ’ মাৰাডনাৰ সৈতে সম্পৰ্কত থকা সময়ত তেওঁ মানৱদেহ সৰৱৰাহকাৰীৰ কৱলত পৰিছিল ৷ যেতিয়া তেওঁৰ বয়স আছিল 16 বছৰ আৰু মাৰাডনাই তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ উপৰিও তেওঁক ড্ৰাগছ আসক্তিৰ সৈতে পৰিচয় কৰাইছিল ( Mavys Álvarez alleged that she was raped when she was 16) ৷

সম্প্ৰতি আমেৰিকাৰ বাসিন্দা মেভিজ আলভাৰিজে এক সংবাদমেল সম্বোধন কৰি কয় যে, ফিডেল কেষ্ট্ৰ’ (Fidel Castro)ৰ চৰকাৰ আৰু মাৰাডনাৰ ঘনিষ্ঠ সহযোগীসকলে ফুটবল তাৰকাগৰাকীৰ সৈতে তেওঁৰ পাঁচবছৰীয়া সম্পৰ্কক লুকুৱাই ৰখাৰ লগতে তেওঁৰ ওপৰত চলা নিৰ্যাতনৰ কথাও লুকুৱাই ৰাখিছিল ৷ 37 বৰ্ষীয় আলভাৰেজে বিগত সপ্তাহত মানৱ সৰৱৰাহৰ অভিযোগৰ প্ৰাথমিক তদন্তৰ অংশ হিচাপে আৰ্জেণ্টিনাৰ ন্যায় ব্যৱস্থাৰ সন্মুখত সাক্ষ্য দিবলৈ বুয়েনোছ এৰিছত উপস্থিত হৈছিল ৷

যদিও বিগত বৰ্ষতে ফুটবল তাৰকা মাৰাডনাৰ মৃত্যু হয় কিন্তু মহিলাগৰাকীৰ অধিৱক্তাই মাৰাডনাৰ ঘনিষ্ঠ সহযোগীসকলক লক্ষ্য কৰি লৈছে ৷ ইয়াৰ ভিতৰত মাৰাডনাৰ প্ৰাক্তন মেনেজাৰ গিলাৰমো কোপালা আৰু আৰ্জেন্টিনাৰ অন্য বন্ধু যিসকলে মাৰাডনাক 2000 চনৰ আৰম্ভণিতে তেওঁ কিউবাত থকা সময়ত সহযোগ কৰিছিল ৷

আনহাতে, এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্তব্য কৰি মাৰাডনাৰ প্ৰাক্তন মেনেজাৰ গিলাৰমো কোপালাই কয়, তেওঁ আলভাৰিজ আৰু মাৰাডনাৰ মাজত থকা প্ৰেমৰ সম্পৰ্কৰ সাক্ষী আছিল যদিও সেই সময়ত কোনো ধৰণৰ অপৰাধ সংঘটিত হোৱা নাছিল ৷ কোপালাই লগতে কয় যে, মই জনা নাছিলো এয়া যে আলভাৰিজৰ বাবে এক অগ্নিপৰীক্ষা আছিল আৰু তেওঁৰ বাবে যথেষ্ট কষ্টকৰ আছিল ৷ এই সময়ত মই নিজকে দাগমুক্ত কৰাৰ কোনো প্ৰয়োজন নাই, মই জানোৱ মই কেনে আছো আৰু মই নিজক কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে ৷

অৱশ্যে আৰ্জেন্টিনাৰ ন্যায়িক ব্যৱস্থাই আলভাৰিজৰ অভিযোগৰ ভিত্তিত গোচৰটো আগবঢ়াব নে নাই সেই বিষয়ে এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷

লগতে পঢ়ক :Unmukt Chand Marriage : ছিমৰণ খোছলাৰে বিবাহ পাশত আবদ্ধ উন্মুক্ত চান্দ

For All Latest Updates

ABOUT THE AUTHOR

...view details