অসম

assam

ETV Bharat / international

হোৱাইত হাউছৰ দৌৰত বৰ্ণবাদে মূখ্য ভূমিকা লৈছে

“আমেৰিকা হ’ল এনে এক কাহিনী যাৰ কামৰ অগ্ৰগতি চলি আছে ৷ এতিয়াই সেই সময়, সেই প্ৰগতিক গঢ়ি তুলাৰ আৰু সকলোৰে বাবে অমেৰিকাক আৰু অধিক মুক্ত, নিৰপেক্ষ আৰু উন্নতৰূপে নিৰ্মাণ কৰাৰ ৷ সেয়ে ডেম’ক্ৰেটিক দলৰ অধিকাংশই সাম্প্ৰদায়িক সংঘৰ্ষ আৰু অত্যাচাৰবোৰৰ প্ৰতি চকু মুদি থকা দেখিবলৈ পোৱাটো এক অতি দুখজনক বিষয় ৷” হেলীয়ে পুনৰ কয় ৷

White House
হোৱাইত হাউছ

By

Published : Aug 27, 2020, 2:05 PM IST

-স্মিতা শৰ্মা, নিউ দিল্লী

ফ্ৰাঞ্চিছ ফুকুয়ামাই তেওঁৰ কিতাপ "আইডেণ্টি’ত যুক্তি দৰ্শাইছে যে" ইতিমধ্যে প্ৰৱজনে সৃষ্টি কৰা শ্ৰেণী আৰু বৰ্ণই হৈছে অন্যতম কাৰণ যাৰ বাবে আমেৰিকাবাসীয়ে ‘ৰিপাব্লিকান’সকলৰ পক্ষে মতদান কৰে ৷” তেওঁ ৰাজনৈতিক বিজ্ঞানীদ্বয় হাজনাল আৰু আব্ৰাজান’ৱে দিয়া তথ্যৰ উদ্ধৃতি দিছে ৷

“দক্ষিণাঞ্চল ৰীপাব্লিকান দলৰ মুঠিলৈ যোৱাৰ মূলতে; ১৯৬০ চনৰ গণ অধিকাৰ আন্দোলনৰ পাচৰ পৰ্যায়ত আফ্ৰিকা মূলৰ আমেৰিকাবাসীসকল ডেমক্ৰেটিক দলত অন্তৰ্ভুক্ত হোৱা কাৰ্যক বহুখিনি কৃৰ্তিত্ব দিয়া হয় ৷ বৰ্তমানো প্ৰৱজ্জনে ঠিক তেনে এক ভূমিকাই পালন কৰি আছে ৷ মেক্সিকান আৰু মুছলিম প্ৰৱজ্জনৰ বিৰুধীতাকে ড’নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰ আৰু পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ কেন্দ্ৰীয় কাৰণ হিচাপে চিহ্নিত হৈছিল ৷” ফুকুয়ামাই তেওঁৰ কিতাপখনত এইদৰে বৰ্ণনা দিছে ৷ (পৃষ্ঠা ১৩২)

বৰ্তমান ট্ৰাম্পে অনাগত নৱেম্ৱৰৰ নিৰ্বাচনত এক পুনঃ নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে, য’ত নিৰ্বাচনী তৰ্কযুঁজ প্ৰৱজন আৰু বৰ্ণভেদৰ সমস্যা এই দুই বিষয়ৰ ওপৰত কেন্দ্ৰিত হ’ব ৷ “ৰীপাব্লিকান নেশ্বনেল কন্‌ভেশ্বন”ৰ প্ৰথম নিশাত ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰদূত তথা দক্ষিণ কেৰ’লিনাৰ প্ৰাক্তন গৱৰ্ণৰ নিক্কি হেলীয়ে আছিল সেইগৰাকী ব্যক্তি যিয়ে উপ ৰাষ্ট্ৰপতি পদৰ মনোনীত প্ৰাৰ্থী প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা কামলা হাৰিছক গ্ৰহণ কৰিছিল ৷ হেলী আৰু হাৰিছ দুয়োগৰাকীয়ে প্ৰৱজনকাৰী পিতৃ-মাতৃৰ সন্তান আৰু দুয়োৰে ভাৰতীয় ঐতিহ্য আছে ৷ “ডেম’ক্ৰেটিক দলত এইটো কোৱাটো এতিয়া এক ‘ফেশ্বন’ হৈ পৰিছে যে আমেৰিকা এখন বৰ্ণবাদী ৰাষ্ট্ৰ ৷ এইটো এটা মিছা কথা ৷ আমেৰিকা এখন বৰ্ণবাদী ৰাষ্ট্ৰ নহয় ৷ ই মোৰ বাবে এক ব্যক্তিগত বিষয় ৷ মই এগৰাকী ভাৰতীয় মাতৃৰ গৰ্বিত জীয়ৰী ৷” প্ৰতিনিধি বৰ্গক তেওঁৰ পিতৃয়ে পাগুৰি মাৰা আৰু মাকে শাৰী পিন্ধাৰ বিষয়ে অৱগত কৰি হেলীয়ে এইদৰে কয় ৷

“আমেৰিকা হ’ল এনে এক কাহিনী যাৰ কামৰ অগ্ৰগতি চলি আছে ৷ এতিয়াই সেই সময়, সেই প্ৰগতিক গঢ়ি তুলাৰ আৰু সকলোৰে বাবে অমেৰিকাক আৰু অধিক মুক্ত, নিৰপেক্ষ আৰু উন্নতৰূপে নিৰ্মাণ কৰাৰ ৷ সেয়ে ডেম’ক্ৰেটিক দলৰ অধিকাংশই সাম্প্ৰদায়িক সংঘৰ্ষ আৰু অত্যাচাৰবোৰৰ প্ৰতি চকু মুদি থকা দেখিবলৈ পোৱাটো এক অতি দুখজনক বিষয় ৷” হেলীয়ে পুনৰ কয় ৷

তেন্তে আমেৰিকা কি এখন বৰ্ণবাদী ৰাষ্ট্ৰ ? তথা ২০২০ চনত প্ৰণালিবদ্ধ বৰ্ণবাদে সামাজিক আৰু ৰাজনৈতিক ‘নেৰেটিভ’ক পৰিচালিত কৰিছে নে কি ?

জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাই বৰ্ণবাদৰ এই সমস্যাটো “বেট্‌ল গ্ৰাউণ্ড ইউ এছ ২০২০” (#BattlegroundUSA2020) ৰ দ্বিতীয় খণ্ডত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুগৰাকী প্ৰসিদ্ধ পেনেলিষ্টৰ সৈতে আলোচনা কৰে ৷ সমাজতত্বৰ অধ্যাপক, হিংসা অপৰাধৰ গৱেষক তথা উপন্যাসিক ড৹ ৰাণ্ডাল ব্লাজাকে কয় যে বৰ্ণবাদৰ সমস্যাটোৰ সংক্ৰান্তত আমেৰিকাত এক ৰাষ্ট্ৰীয় গণনা ভিতৰি ভিতৰি চলি আছে ৷ “আমেৰিকাত জাতি- বৰ্ণ বিষয়ক সমস্যাবোৰৰ চম্ভালাৰ ক্ষেত্ৰত আমি অতি দুৰ্বল আছিলোঁ ৷ শ শ বছৰ ধৰি প্ৰতিষ্ঠানিক বৰ্ণবাদৰ বিৰুদ্ধে বন্ধুত্বপূৰ্ণ সহৱস্থানৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নাছিল ৷ তেন্তে ২০২০ চনত বাস্তৱতে বাৰ্তালাপটিৰ পৰিৱৰ্তন হৈছে আৰু হয়তো পৰিৱৰ্তন হোৱাত মহামাৰীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে ৷ কিন্তু সঁচাকৈয়ে অৱশেষত বৰ্ণবাদৰ বিষয়ত হোৱা আলোচনাই অগ্ৰাধিকাৰ পাইছে ৷ এইয়া হৈছে, এই বিষয়টোৰে আচলতে আমি কেনেকৈ সন্মুখীন হোৱা উচিত বুলি ভাৱি গুণী থকা শ্বেত লোকসকলৰ দাৰা ৷ অ’ৰেগনত পৰ্টলেণ্ডৰ পৰা ড৹ ব্লাজাকে কয় ৷ উল্লেখ্য যে শ্বেত লোকসকলৰ দপদপনিৰ বাবে অ’ৰেগনৰ কুখ্যাতি আছে ৷

যিসময়ত নিক্কি হেলীয়ে আমেৰিকা বৰ্ণবাদী নহয় বুলি যুক্তি দৰ্শাইছে ঠিক সেই সময়তে “নেশ্বনেল ছিকিউৰিটি গাৰ্ডে” ৱিস্কিনছিনৰ কেন’শ্বাৰ পথত অগ্নিসংযোগ তথা হিংসা ৰুধিবলৈ টহল দি ফুৰিছে ৷ চলিত অস্থিৰতা, জেকব ব্লেইক নামৰ এজন ২৯ বৰ্ষীয় কৃষ্ণাংগ ব্যাক্তিক তেওঁৰ তিনিটা সন্তানৰ সন্মুখতে এজন শ্বেত আৰক্ষী বিষয়াই গুলী কৰাৰ ফলত উদ্ভৱ হৈছে ৷ পৰৱৰ্তী পৰ্যায়ত এই শ্বেত আৰক্ষী বিষয়াজনক প্ৰসাশনিক ছুটিত পঠিয়াই দিয়া হয় ৷ ব্লেইক সেই গুলীৰ আঘাতত নিহত নহ’ল যদিও এই ঘটনাটোৱে; প্ৰায় তিনি মাহমানৰ পূৰ্ৱে মিনিপ’লিচত জৰ্জ ফ্লইড নামৰ কৃষ্ণাংগ ব্যক্তিজনক এজন শ্বেত আৰক্ষীয়ে দিঙি চেপি হত্যা কৰা ঘটনাটোৰ ফলত দেশজুৰি বিয়পি পৰা ‘ব্লেক লাইফ মেটাৰ’ (#BlackLivesMatter) প্ৰতিবাদটোলৈ ন উদ্যম আনি দিয়ে ৷

বৰ্ণবাদৰ সমস্যা আৰু কৃষ্ণাংগ নিধন অতীতৰ বহুকেইটা নিৰ্বাচনী প্ৰক্ৰিয়াৰ ৰাজনৈতিক বাৰ্তালাপ আৰু নিৰ্বাচনী প্ৰচাৰবোৰৰ এক অংশ আছিল ৷ “কিন্তু এইবাৰ ই হ’ব প্ৰণালীবদ্ধ বৰ্ণবাদৰ বিষয়ত এক ৰাষ্ট্ৰীয় বাৰ্তালাপ” এইদৰে যুক্তি দৰ্শাই “ৰিলিজিয়াছ ফ্ৰীডম ইনষ্টিটিউট আৰু ৱিলচন চেন্টাৰ”ৰ এগৰাকী জ্যেষ্ঠ গৱেষক ফাৰাহনাজ ইস্পাহানীয়ে ৷ ৱাশ্বিংটন ডি ছিৰ পৰা কথোপকথনটিত ভাগ লৈ ইস্পাহানীয়ে কয়, “বৰ্ণবাদ, সংবিধানখনেই হওক নাইবা দাস প্ৰথাই হওক নাইবা গণ অধিকাৰ আন্দোলনেই হওক, আমি পিচলৈ যোৱাৰ বিষয়ে কৈছো ৷ এনে নহয় যে আমেৰিকাত আমি বৰ্ণবাদৰ বিষয়ে কথা পাতা নাই আৰু এইটোও নহয় যে আমি গুৰুত্ৱসহকাৰে পাতা নাই ৷ আৰু এইটোও নহয় যে ইয়াৰ আগেয়ে আৰক্ষীয়ে বহু লোকক গুলীয়াই হত্যাও কৰা নাই ৷ কিন্তু আমেৰিকাৰ ইতিহাসত, ভৌগলিক পৰিসৰ আৰু আমেৰিকা আজি কি আৰু সদায় আমেৰিকা কি আছিল, তাৰ অবিচ্ছিন্ন অংশ হিচাপে প্ৰণালিবদ্ধ বৰ্ণবাদক পোনপ্ৰথমবাৰৰ বাবে লৈ অনা হৈছে আৰু মই ভাৱো এইটোৱেই হৈছে পাৰ্থক্যটো ৷” ইস্পাহানিয়ে কয় ৷

তদুপৰি ইস্পাহানিয়ে পুনৰ কয়, “প্ৰথমবাৰৰ বাবে আমেৰিকাৰ এটা প্ৰধান ৰাজনৈতিক দলে (ডেম’ক্ৰেটছ) প্ৰণালীবদ্ধ বৰ্ণবাদৰ বিষয়ে উল্লেখ কৰিছে ৷ ই ৰাজনৈতিক প্ৰক্ৰিয়াত এনে এটা বিষয় যিটোক আপুনি স্বীকাৰো কৰিব নোৱাৰে নাইবা গ্ৰহণো কৰিব নোৱাৰে ৷ কিন্তু ৰাজনৈতিক প্ৰক্ৰিয়াবোৰ, ৰাজনীতিবিদসকল তথা সংবাদ মাধ্যম আৰু আমেৰিকাবাসী নাগৰিকসলকৰ জৰিয়তে সমগ্ৰ আমেৰিকাতে ই বিয়পি আছে ৷ মানুহবোৰৰ এই বিষয়ত নিজৰ নিজৰ এক মতামত থাকিব লাগে, লাগিলে ইয়াৰ পক্ষতেই হওক নাইবা বিপক্ষেই হওক ৷ যিয়েই নহওঁক, মুঠতে তেওঁলোকে ইয়াৰ সন্মুখিন হ’বই লাগিব ৷” যি নহওক ৰীপাব্লিকান দলে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰত ডেম’ক্ৰেটছসকলক অতি বামপন্থী, কট্টৰপন্থী আৰু কৃষ্ণাংগসকলৰ জীৱন ৰক্ষী আাৰু বিক্ষোভকাৰীসকলৰ হিংসুক গণ উৎপিৰণকাৰী বুলি লক্ষ্য কৰি লৈ ভোটাৰসকলক ‘ডি ছি স্ৱেম্প’ (DC swamp) বোৰ আঁতৰ কৰিবলৈ আহ্বান জনাইছে ৷ সেয়ে এই আলোচনাটিত স্মিতা শৰ্মাই সুধে যে “নেশ্বনেল কন্‌ভাৰ্ছেশ্বন’ত আমেৰিকাবাসীক প্ৰণালীবদ্ধ বৰ্ণবাদৰ বিষয়ে অধিক ধ্ৰুৱীকৰণ কৰিব পৰা যাবনে ? ই ৰক্ষণশীল শ্বেত আমেৰিকাবাসী সকলক একত্ৰীত্বকৰণৰ দিশে পৰিচালিত কৰিব নে কি ? ট্ৰাম্প-পেঞ্চ যুটীৰ তুলনাত বাইডেন-হাৰিচৰ দলে বৰ্ণবাদ সমস্যাটোক উত্থাপন কৰিবলৈ কিবা বিশেষ গুৰুত্বপূৰ্ণ বিষয় বস্তু বাৰ্তালাপৰ মেজলৈ নিব নে ?

“এই সপ্তাহত ৰীপাব্লিকান নেশ্বনেল কন্‌ভেন্‌শ্বনত আমি যি দেখিলোঁ সেইয়া এক প্ৰকৃত দ্বৈতবাদ ৷ আমি ক্ৰমশঃ এখন অধিক “ব্ৰাউন নেশ্বন”ত পৰিণত হৈছোঁ ৷ আমি সেইটো হোৱাটো বন্ধ নকৰোঁ ৷ সেয়ে আমি ইয়াক পাচলৈ থেলি পঠিওৱা কাৰ্যত হয়তো জৰিত হ’ব লাগিব ৷ “উপ-চহাৰঞ্চলৰ গৃহিণীসকলে মোৰ হৈ ভোট দিব কিয়নো মই সেইসকল লোকক আপোনালোকৰ চুবুৰীৰ পৰা বাহিৰ কৰি আনিম” ৰাষ্ট্ৰপতিৰ ফালৰ পৰা কৰা এই ‘টুইট’টো ১৯৫০ দশকৰে বাক্য ৷ সেইবাবেই এই ক্ষণত কেৱল মাত্ৰ নীতিতে নহয় বৰঞ্চ আমি আমাৰ বিষয়ে কেনেকৈ ভাৱো তাতো এক বাস্তৱিক পাৰ্থক্য আছে ৷ ড৹ ব্লাজাকে কয় ৷

পৌঢ় আৰু যুৱচাম আমেৰিকাবাসী সকলক বৰ্ণ বৈষম্যতাক লৈ বিভাজিত কৰা হয় নে কি বুলি প্ৰশ্ন কৰাত ড৹ ব্লাজাকে কয় “আমি দুটা প্ৰজন্মৰ মাজত পাৰ্থক্যৰ এখন প্ৰকৃত ছবি দেখিছোঁ ৷ আমেৰিকাৰ জনগণনা বিউৰ’ৱে ভৱিষ্যতবাণী কৰিছিল যে ২০৫০ চনলৈ ‘আমেৰিকান পাই’ত শ্বেত সকলৰ শতকৰা অ-শ্বেত সকলৰ শতকৰাতকৈ হ্ৰাস পাব ৷ সেয়ে আমেৰিকা এখন সংখ্যা গৰিষ্ঠ আৰু সংখ্যা লঘিষ্ঠৰ দেশ হ’বগৈ ৷ ইয়াক যুৱচামৰ বহুতেই উত্তেজনাৰ এক উৎস হিচাপে লৈছে আৰু কিছুসংখ্যক বৃদ্ধলোক, যিসকলে এই দেশখনক ১৭৭৬ চনত নিজ হাতেৰে নিৰ্মাণ কৰা বুলি ভাৱে, তেনে লোকসকলে দেশখন যিকোনো প্ৰকাৰে তেওঁলোকৰ হাতৰ পৰা লৈ যোৱা হৈছে বুলি সন্ত্ৰস্ত হৈ আছে ৷ তেওঁলোকে প্ৰৱজ্জনৰ ওপৰত প্ৰতিবন্ধকতা লগাই এখন প্ৰাচীৰ তৈয়াৰ কৰিবলৈ এক আত্ম প্ৰতিৰক্ষামূলক স্থিতিত ৰৈ আছে নাইবা কিবাকে ঘড়ীৰ কাঁটা ঘূৰাই এখন শ্বেত পুৰুষ প্ৰধান দেশৰ কল্পিত অতীতলৈ ঘূৰি যাবলৈ সাঁজু হৈ আছে যিখনত কোনো ‘ট্ৰেঞ্চজেণ্ডাৰ’ লোকে নাইবা প্ৰৱজনকাৰীয়ে নাইবা মুছলিম নাইবা কোনো অন্য জনগাঠনিয়ে প্ৰত্যাহ্বানৰ সৃষ্টি নকৰিব; আপুনি লক্ষ্য কৰিছে, বৰ্তমান যিসকলে সংখ্যা গৰিষ্ঠ শ্বেত লোকসকলৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰি আছে ৷

“যিখন আমেৰিকালৈ মই যেতিয়া ১৮ বছৰীয়া হৈ থাকোতে, যোৱা ৩৫ বছৰৰ পূৰ্ৱে আহিছিলো সেইখন আমেৰিকা এখন সম্পূৰ্ণ অন্য আমেৰিকা আছিল৷ প্ৰৱজনকাৰীসকলক খুবেই আদৰণি জনাইছিল ৷ কিন্তু সেই সময়ত আমি যিসকল আহিছিলোঁ, আমি অধ্যয়ণ কৰিবলৈ আহিছিলোঁ বা শিক্ষিত পৰিয়াল আদিৰ পৰা আহিছিলোঁ ৷ সেয়ে ক’ব পাৰি যে প্ৰৱজনৰ ধৰণটো সলনি হ’ল আৰু সেয়ে আদৰণি জনোৱা প্ৰক্ৰিয়াটোৰো সলনি হ’ল ৷ কিন্তু আপুনি প্ৰজন্মগতভাৱে লক্ষ্য কৰিলে দেখিব, ই খুবেই স্পষ্ট ৷ আপুনি দেখিব বৃদ্ধ লোকসকল, যি সকল তেওঁলোকৰ জীৱন প্ৰণালী, তেওঁলোকৰ ভগৱান, তেওঁলোকৰ গীৰ্জা ঘৰ, তেওঁলোকৰ ভূমি, তেওঁলোকৰ অধিকাৰ আদি হেৰোৱাৰ ভয়ত ভীত হৈ আছে কিন্তু এই সলনি হোৱা পৰিদৃশ্যটোৰ সন্মুখিন হ’ব নোৱাৰে ৷ এই চাম লোকৰ বুজন সংখ্যকে ড’নাল্ড ট্ৰাম্পক ভোট দিছিল ৷ গতিকে এইটো জৰুৰি নাছিল যে সেইয়া ইতিবাচক ভোট হ’বই লাগিব ৷” পাকিস্তানী মূলৰ ফাৰাহানি ইস্পাহানিয়ে প্ৰৱজনকাৰী ৰূপে নিজৰ অভিজ্ঞতাৰ কথা সোঁৱৰি এইদৰে কয় ৷

লগতে পঢ়ক :নাৰীৰ বিবাহৰ ন্যূনতম বয়স ২১ বছৰলৈ বৃদ্ধি এক ভ্ৰান্ত ধাৰণা, চৰকাৰে শিক্ষা-সংস্থাপনৰ

ABOUT THE AUTHOR

...view details