অসম

assam

ETV Bharat / international

আমেৰিকা জনগোষ্ঠীয় সন্মিলনত বিশ্ববাসীয়ে দেখিব ভাৰতৰ শক্তি - ‘Howdy Modi – Shared Dreams, Bright Futures’

আমেৰিকাৰ হষ্টনত আয়োজিত ‘Howdy Modi’ নামৰ বিশেষ অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোডীক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ পিচতে দুয়োখন দেশৰ মাজৰ সম্পৰ্কক লৈ টুইট কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

‘Howdy Modi – Shared Dreams, Bright Futures’ নিমন্ত্ৰণ লাভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

By

Published : Sep 16, 2019, 5:57 PM IST

নিউজ ডেস্ক, 16 চেপ্তেম্বৰঃ ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ দুয়োখন দেশৰ মাজত থকা সকলোধৰণৰ বৈদেশিক, কূটনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সামৰিক সম্পৰ্ক বন্ধুত্বৰ ভেটিত প্ৰতিষ্ঠিত বুলি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

আমেৰিকাৰ হাষ্টনত আয়োজিত হ'বলগীয়া ‘Howdy Modi’ নামৰ বিশেষ জনগোষ্ঠীয় অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৷ অহা 22 চেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ব্যক্তিগতভাৱে নিমন্ত্ৰণ জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিমন্ত্ৰণ লাভ কৰাৰ পিচতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৷ নৰেন্দ্ৰ মোডীয়ে টুইটযোগে, দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক ভাৰতীয় আৰু আমেৰিকানসকলৰ মাজৰ সামাজিক আৰু অৰ্থনৈতিক সহযোগিতাৰ বিষয়ে প্ৰকাশ কৰে ৷

উল্লেখ্য যে, ভাৰত আৰু আমেৰিকাৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত আয়োজন কৰা এই বিশেষ জনগোষ্ঠীয় অনুষ্ঠানক লৈ হুৱাইট হাউচে চৰকাৰী অধিসূচনা জাৰি কৰিছিল ৷ অধিসূচনাটোত বিশ্বৰ সৰ্ববৃহৎ আৰু অতি পুৰনি দুখন গনতন্ত্ৰৰ মাজত বাণিজ্যিক সম্পৰ্কৰ দ্বাৰা কূটনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰা হ'ব বুলি কোৱা হয় ৷

‘Howdy Modi – Shared Dreams, Bright Futures’ হৈছে আমেৰিকাত থকা টেক্সাছ ইণ্ডিয়া ফ'ৰামৰ দ্বাৰা আয়োজিত এক জনগোষ্ঠীয় সন্মিলন ৷ অহা 22 চেম্পেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাষ্টনস্থিত এনআৰজি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব শীৰ্ষক সন্মিলনখন ৷ সন্মিলনখনত অতি কমেও 50হাজাৰ লোকে অংশগ্ৰহণ কৰিব ৷

ABOUT THE AUTHOR

...view details