নিউজ ডেস্ক, 18 নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত জ' বাইডেনৰ সৈতে বাৰ্তালাপত মিলিত হয় ৷ বাইডেনৰ লগতে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কমলা হেৰিছক শুভেচ্ছা জ্ঞাপন কৰি দুয়োখন দেশৰ মাজত ভাৰত-প্ৰশান্ত সামৰিক সহযোগিতাৰ ওপৰত বিষদ আলোচনা কৰে দুয়োগৰাকী নেতাই ৷ জ' বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিচত এয়া তেওঁৰ সৈতে মোডীৰ প্ৰথমটো বাৰ্তালাপ আছিল ৷
প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত টুইট কৰি জানিবলৈ দিয়ে ৷ প্ৰধানমন্ত্ৰীয়ে টুইট কৰি দুয়োখন দেশৰ উমৈহতীয়া চিন্তাৰ ওপৰত কাম কৰাৰ লগতে সামৰিক সহযোগিতা, মহামাৰীৰ সৈতে মোকাবিলা, জৈৱ বৈচিত্ৰ্য আদি দিশত আলোচনা কৰাৰ বিষয়ে জনায় ৷