ইন্টাৰনেশ্যনেল ডেক্স,29 মেঃ ভাৰত আৰু চীন সীমান্তত বিগত কিছু দিন ধৰি চলি থকা উত্তেজনা হ্ৰাস কৰাৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰা সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কয় যে, মই এই সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কথা পাতিছো যদিও এই সংঘাতক লৈ ভাল মেজাজত নাই ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী ।
হোৱাইট হাউচৰ কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত ট্ৰাম্পে কয় যে, ভাৰত আৰু চীনৰ মাজত ডাঙৰ সংঘাতৰ সৃষ্টি হৈছে । তেখতে আৰু কয় যে, "মই ভাবো যে মোৰ নিজৰ দেশৰ সংবাদ মাধ্যমতকৈ,ভাৰতৰ লোকসকলে মোক বেছি ভাল পায় । আৰু মই মোডীক ভাল পাও । মই আপোনালোকৰ প্ৰধানমন্ত্ৰীক ভাল পাও । তেখেত এগৰাকী ভদ্ৰ লোক ।"
ভাৰত আৰু চীনৰ মাজত ডাঙৰ সংঘাতৰ সৃষ্টি হৈছে । দুয়োখন দেশৰে সামৰিক বাহিনী যথেষ্ট শক্তিশালী । ভাৰত আৰু চীন দুয়ো দেশেই এই বিষয়ক লৈ সুখী নহয় । মই এই সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কথা পাতিছো । তেখেত ভাল মেজাজত নাই ।
উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে বুধবাৰে এক টুইটযোগে কৈছিল যে, তেখতে ভাৰত আৰু চীনৰ মাজত চলি থকা উত্তেজনপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিবলৈ সাজু আছে ।
আনহাতে, সীমান্ত উত্তেজনা সন্দৰ্ভত চীনৰ সৈতে শান্তিপূৰ্ণভাৱে সকলো সমাধান কৰাৰ বাবে সাজু আছো বুলি এক অনলাইন সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মন্তব্য কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে ।
আনহাতে, ট্ৰাম্পৰ টুইট সন্দৰ্ভত এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই চীনে । কিন্তু দেশ খনত প্ৰচলিত গ্ল'বেল টাইমছৰ 'Op-Ad' এ কয় যে, দুয়োখন দেশকে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীৰ পৰা এনে ধৰণৰ সহায়ৰ প্ৰয়োজন নাই । সীমান্ত সংঘাতসমূহ দুয়োখন দেশৰে মাজত দ্বি-পাক্ষিকভাৱে সমাধান কৰা হ'ব । এই ক্ষেত্ৰত দুয়োখন দেশেই আমেৰিকা যুক্তৰাষ্ট্ৰ পৰা সাৱধানে থকা উচিত ।