অসম

assam

ETV Bharat / international

ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ নিউয়ৰ্ক অভিমুখে প্ৰধানমন্ত্ৰী মোডী - ‘হাউদি মোডী’

‘হাউদি মোডী’ অনুষ্ঠানত ভাগ লোৱাৰ পিছত নিউয়ৰ্ক অভিমুখে যাত্ৰা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

নিউ য়ৰ্ক অভিমুখে প্ৰধানমন্ত্ৰী মোডী

By

Published : Sep 23, 2019, 10:13 AM IST

ইন্টাৰ্নেশ্যনেল ডেস্ক, 23 ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হাষ্টনত ‘হাউদি মোডী’ অনুষ্ঠানত ভাগ লোৱাৰ পিছত নিউয়ৰ্ক অভিমুখে যাত্ৰা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ এই কথা জনাবলৈ দিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰৱীশ কুমাৰে ৷ এক টুইট যোগে এই কথা প্ৰকাশ কৰে তেওঁ ৷

নিউয়ৰ্ক অভিমুখে প্ৰধানমন্ত্ৰী মোডী
ইয়াৰ পূৰ্বে ‘হাউদি মোডী’ অনুষ্ঠানত দুয়োখন দেশৰ নেতাকেইজনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুজঁ দিবলৈ সংকল্প গ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰবাসী ভাৰতীয় সকলক আহ্বান জনাই যে বছৰি 5 টাকৈ বিদেশী পৰিয়ালক ভাৰতলৈ পৰ্যটক হিচাপে ভ্ৰমণ কৰিবলৈ অনুৰোধ জনায় ৷
নিউয়ৰ্ক অভিমুখে প্ৰধানমন্ত্ৰী মোডী
উল্লেখযোগ্য যে,দেওবাৰে আমেৰিকাৰ হাষ্টনৰ NRG ষ্টেডিয়ামত অনুষ্ঠিত হয় 'হাউদি মোডী' শীৰ্ষক এক অনুষ্ঠান ৷ এই অনুষ্ঠানত উপস্থিত থাকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ ভাৰত আৰু আমেৰিকাৰ মাজৰ বৈদশিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যৰে আমেৰিকাবাসী প্ৰবাসী ভাৰতীয়সকলে আয়োজন কৰে এই অনুষ্ঠান ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত প্ৰায় 50 হাজাৰ ভাৰতীয়ক সম্বোধন কৰে ৷ এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিজন ভাৰতীয়ই জন্মু-কাশ্মীৰৰ পৰা মোডী চৰকাৰে 370 অনুচ্ছেদ বাতিল কৰা সিদ্ধান্তৰো শলাগ লয় ৷
নিউয়ৰ্ক অভিমুখে প্ৰধানমন্ত্ৰী মোডী
এই অনুষ্ঠানতে এক বিৰল মূহুৰ্তৰ সাক্ষী হয় বিশ্ববাসী ৷ হাষ্টনৰ NRG ষ্টেডিয়ামত আয়োজন কৰা 'হাউদি মোডী' অনুষ্ঠানত একেখন মঞ্চৰ পৰা বিশ্বক সম্বোধন কৰে বিশ্বৰ দুই শক্তিশালী নেতাই ৷ ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ চেষ্টা দুই শক্তিশালী নেতাৰ ৷ এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিক দেখা গ'ল অন্য এক ৰূপত ৷ দুয়োজন শক্তিশালী নেতাই পঞ্চমুখ হৈ পৰে দুয়োগৰাকী নেতাৰ কৰ্মদক্ষতাৰ প্ৰশংসাত ৷
নিউয়ৰ্ক অভিমুখে প্ৰধানমন্ত্ৰী মোডী

ABOUT THE AUTHOR

...view details