অসম

assam

ETV Bharat / international

74 সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকলৈ প্ৰধানমন্ত্ৰী মোডী - 'হাউদি মোডী'

74 সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ নিউয়ৰ্কত উপস্থিত প্ৰধানমন্ত্ৰী মোডী ৷ 'হাউদি মোডী' অনুষ্ঠানত প্ৰবাসী ভাৰতীয়সকলৰ লগত মিলিত হৈ প্ৰধানমন্ত্ৰীগৰাকী উৰা মাৰে নিউয়ৰ্ক অভিমুখে ৷

74 সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকলৈ প্ৰধানমন্ত্ৰী মোডী

By

Published : Sep 23, 2019, 3:19 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 23 ছেপ্টেম্বৰঃ নিউয়ৰ্কৰ স্থানীয় সময় অনুযায়ী দেওবাৰে নিশা 74 সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ নিউয়ৰ্কত উপস্থিত প্ৰধানমন্ত্ৰী মোডী ৷ প্ৰায় 50,000 প্ৰবাসী ভাৰতীয়ক উদ্দেশ্যি আমেৰিকাৰ হাষ্টনৰ NRG ষ্টেডিয়ামত 'হাউদি মোডী' অনুষ্ঠানত উদাত্ত ভাষণৰে বিশ্ববাসীৰ মন জয় কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীৰ লগতে উপস্থিত থাকে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷ 'হাউদি মোডী' অনুষ্ঠানত প্ৰবাসী ভাৰতীয়সকলৰ লগত মিলিত হৈ প্ৰধানমন্ত্ৰীগৰাকী উৰা মাৰে নিউয়ৰ্ক অভিমুখে ৷
নিশা প্ৰায় 10 মান বজাত জে এফ কে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয় ৷ এই পাচঁ দিনীয়া ভ্ৰমণ কালত প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্বিপাক্ষিক আৰু বহুপাক্ষিক কাৰ্যসূচী লৈ আলোচনা কৰিব ৷ ইয়াৰ উপৰিও সন্মিলনত অতি গুৰুত্বপূৰ্ণ 9 টা ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

74 সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকলৈ প্ৰধানমন্ত্ৰী মোডী
এই সময়চোৱাত প্ৰায় 75 খন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ লগতে বৈদেশিক মন্ত্ৰীৰে মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী,কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এচ. জয়শংকৰ আৰু ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভি. মুৰুলীধৰণ ৷

সোমবাৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে এখন উচ্চ পৰ্যায়ৰ 'CLIMATE ACTION SUMMIT'ত অংশগ্ৰহণ কৰিব ৷ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিয় গুটাৰ্চে আঁতধৰিব লগীয়া এই সন্মিলনখন ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ কক্ষত অনুষ্ঠিত হ’ব ৷
এই বৈঠকত পৰিৱেশ আৰু জলবায়ু সম্পৰ্কে আলোচনা কৰিবলৈ 63খন দেশক আমন্ত্ৰণ জনোৱা হৈছে ৷ জলবায়ু সংৰক্ষণৰ ক্ষেত্ৰত কি পদক্ষেপ লোৱা হ’ব সেই বিষয়ে এই সন্মিলনত আলোচনা কৰা হ’ব ৷

ABOUT THE AUTHOR

...view details