অসম

assam

ETV Bharat / international

বাইডেনৰ সৈতে হোৱাইট হাউচত পুনৰ প্ৰৱেশ ঘটিব পোহনীয়া জন্তুৰ - জ’ বাইডেন

2017 চনৰ আগলৈকে প্ৰায় 100 বছৰলৈকে আমেৰিকাৰ প্ৰতিটো ‘প্ৰথম পৰিয়াল’তে একোটাকৈ পোহনীয়া জন্তু আছিল ৷ কিন্তু প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ চাৰিবছৰীয়া ‘পেট-ফ্ৰি’ শাসনকালৰ পিছত ‘ছেম্প’ আৰু ‘মেজৰ বাইডেন’ হ’ব হোৱাইট হাউচত প্ৰৱেশ কৰা প্ৰথম জন্তু ৷

Pets return to the White House along with Bidens
বাইডেনৰ সৈতে হোৱাইট হাউচত পুনৰ প্ৰৱেশ ঘটিব পোহনীয়া জন্তুৰ

By

Published : Jan 19, 2021, 7:39 PM IST

নিউজ ডেস্ক,19 জানুৱাৰী:20 জানুৱাৰীত হোৱাইট হাউচত প্ৰৱেশ কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ পোহনীয়া কুকুৰ ‘ছেম্প’ আৰু ‘মেজৰ বাইডেন’ ৷ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ চাৰিবছৰীয়া ‘পেট-ফ্ৰি’ শাসনকালৰ পিছত ‘ছেম্প’ আৰু ‘মেজৰ বাইডেন’ হ’ব হোৱাইট হাউচত প্ৰৱেশ কৰা প্ৰথম জন্তু ৷ এই তলিকাত অতিশীঘ্ৰে এটি মেকুৰিয়ো অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা আছে ৷

বাইডেনে 2008 চনৰ নিৰ্বাচনৰ পিছত পেনছিলভেনিয়াৰ এগৰাকী পালকৰ পৰা ছেম্পক ঘৰলৈ আনিছিল ৷ বাইডেনে নিজ পিতৃক সুঁৱৰি পোহনীয়া কুকুৰটোৰ নাম ছেম্প ৰাখে ৷ কাৰন বাইডেনৰ শৈশৱত পিতৃয়ে তেওঁৰ অধ্যাৱসায়ত সহাঁৰি প্ৰদান কৰিবলৈ ছেম্প শব্দটো ব্যৱহাৰ কৰিছিল ৷

আনহাতে, ছেম্পৰ 10 বছৰ পিছত বাইডেন পৰিয়াললৈ আহে ‘মেজৰ’ ৷ মেজৰক বাইডেন পৰিয়ালে Delaware Humane Associationৰ সহযোগত উদ্ধাৰ কৰি ঘৰলৈ আনিছিল আৰু মেজৰ হ’ল আমেৰিকাৰ প্ৰথমটো আশ্ৰয় গৃহৰ কুকুৰ যি ‘ফাৰ্ষ্ট ডগ’ৰ সন্মান লাভ কৰিছে ৷

উল্লেখ্য যে, বাইডেনৰ পূৰ্বে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামায়ো হোৱাইট হাউচৰ ভিতৰত পোহনীয়া জন্তু ৰাখিছিল ৷ ওবামাই নিজৰ সন্তানক দুটা পৰ্টুগীজ ৱাটাৰ ডগ ‘বু’ আৰু ‘চানী’ উপহাৰ হিচাপে প্ৰদান কৰিছিল ৷

2017 চনৰ পূৰ্বলৈকে দেখা যায়, প্ৰায় 100 বছৰলৈকে আমেৰিকাৰ প্ৰতিটো ‘প্ৰথম পৰিয়াল’তে একোটাকৈ পোহনীয়া জন্তু আছিল ৷ কিন্তু প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই ধাৰা ভংগ কৰে ৷

লগতে পঢ়ক-এয়াৰ ষ্ট্ৰাইকৰ তথ্য ভাইৰেল হৈ পৰা সম্পৰ্কত প্ৰতিক্ৰিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details