লিমা , 18 এপ্ৰিল: ব্ৰাজিলৰ এটা নিৰ্মাণ কোম্পানী অডেব্ৰেকটৰ পৰা বৃহৎ পৰিমাণৰ উৎকোচ লোৱাৰ অভিযোগত অভিযুক্ত আছিল পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এলান গাৰ্কিয়া ৷ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰাৰ পূৰ্বেই বুধবাৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আত্মহত্যা কৰে ৷ ঘটনাৰ পাচতে তেওঁক নিকতৱৰ্তী চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু ঘটে ৷
পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ গ্ৰেপ্তাৰৰ পূৰ্বে গুলীয়াই আত্মহত্যা - গুলীয়াই আত্মহত্যা
আৰক্ষীয়ে আটক কৰাৰ পূৰ্বেই পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এলান গাৰ্কিয়াৰ আত্মহত্যা ৷ ব্ৰাজিলৰ এটা বৃহৎ নিৰ্মাণ কোম্পানীৰ পৰা উৎকোচ লোৱাৰ গোচৰত অভিযুক্ত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ৷
পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ গ্ৰেপ্তাৰৰ পূৰ্বে গুলীয়াই আত্মহত্যা
উল্লেখযোগ্য যে , 2016 চনত ব্ৰাজিলৰ নিৰ্মাণ কোম্পানীটোৱে লাভজনক চুক্তিসমূহ উৎকোচ প্ৰদান কৰি লাভ কৰাৰ কথা ৰাজহুৱা ভাৱে প্ৰকাশ কৰাৰ পাচৰে পৰা অব্যাহত আছিল তদন্ত ৷ এই জালিয়াতিৰ কাণ্ড লেটিন আমেৰিকাৰ সৰ্ববৃহৎ জালিয়াতিৰ কাণ্ড হিচাপে পৰিগণিত হৈছিল ৷