অসম

assam

By

Published : Jan 4, 2021, 4:08 PM IST

Updated : Jan 4, 2021, 5:00 PM IST

ETV Bharat / international

পুনৰবাৰ আমেৰিকাৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত নান্সি পেলচি

আমেৰিকা ডেমক্ৰেটিক পাৰ্টিৰ সদস্য নান্সি পেলচি দ্বিতীয়বাৰৰ বাবে আমেৰিকা সংসদৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত ।

পুনৰবাৰ আমেৰিকাৰ হাউচ স্পীকাৰত নিৰ্বাচিত নান্সি পেলচি
পুনৰবাৰ আমেৰিকাৰ হাউচ স্পীকাৰত নিৰ্বাচিত নান্সি পেলচি

নিউজ ডেস্ক, ৪ জানুৱাৰী: আমেৰিকা ডেমক্ৰেটিক পাৰ্টিৰ সদস্য নান্সি পেলচি দ্বিতীয়বাৰৰ বাবে আমেৰিকা সংসদৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় । আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম অনুসৰি গৃহ সংখ্যালঘু শ্ৰেণীৰ নেতা কেবিন মেকাৰ্থিক ২০৯ টা ভোটত হৰুৱাই ২১৬ গৰাকী সদস্যৰে পুনৰবাৰ কাৰ্যকাল চলাব নান্সি পেলচিয়ে । ডেমক্ৰেটিক পাৰ্টিৰ ৫ সদস্যই ৮০ বছৰীয়া নান্সি পেলচিৰ পক্ষে ভোটদান সাব্যস্ত কৰি নিৰ্বাচিত কৰে ।

পুনৰবাৰ আমেৰিকাৰ হাউচ স্পীকাৰত নিৰ্বাচিত নান্সি পেলচি

সুদীৰ্ঘ ১৭ বছৰে হাউচ ডেমক্ৰেটিকৰ পৰ্যবেক্ষকৰ দায়িত্বত থকাৰ পাচত সংসদীয় নিৰ্বাচনত বিনা প্ৰতিদ্বণ্ডিতাই নিৰ্বাচনত জয়ী হয় নান্সি পেলচি । উল্লেখ্য যে, আমেৰিকা সংসদৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা নান্সি পেলচি । ২০০৬ চনৰ পৰা ২০১১ চনলৈ সংসদৰ নেতৃত্ব প্ৰদান কৰি আহিছে । পৰৱৰ্তী সময়ত ২০১৮ চনত ডেমক্ৰেটিকৰ পৰা সংসদলৈ উভতি যায় ।

২০০৩ চনৰ পৰাই পেলচি হাউচ ডেমক্ৰেটিক কাক্চৰ নেতা আছিল । ইয়াৰ পূৰ্বে ২০০৭ চনৰ পৰা ২০১১ চনলৈ হাউচ স্পীকাৰৰ দায়িত্বত আছিল । ২০১৯ চনৰ পৰাই বৰ্তমান সময়লৈ তেওঁ একেটা পদতেই আছে ।

পুনৰবাৰ অধ্যক্ষ পদত নিৰ্বাচিত হৈ দেওবাৰে পেলচিয়ে আমেৰিকাবাসীক কয় যে এইটোৱে তেওঁৰ শেষৰটো কাৰ্যকাল হ'ব য'ত ডেমক্ৰেটিক বিদ্ৰোহীৰ এক ক্ষুদ্ৰ গোটৰ সৈতে দুবছৰতকৈও অধিক কাৰ্যকাল হ'ব ।

লগতে পঢ়ক: 117 তম কংগ্ৰেছৰ বাবে নৱনিৰ্বাচিত চিনেটৰৰ শপত গ্ৰহণ

Last Updated : Jan 4, 2021, 5:00 PM IST

ABOUT THE AUTHOR

...view details