নেচনেল ডেস্ক, 4 জানুৱাৰী :নৱবৰ্ষৰ আৰম্ভণীতে সংযুক্ত ৰাষ্ট্ৰৰ হাউছ অৱ ৰিপ্ৰেজেন্টেটিভচৰ স্পীকাৰ নান্সি পেলচী আৰু চিনেটৰ নেতা মিট্চ মিকানলৰ ঘৰ দুৰ্বৃত্তই আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে ৷
শুকুৰবাৰে পেলচীৰ চেন ফ্ৰান্সিস্কোস্থিত বাসগৃহৰ গেৰেজৰ দুৱাৰত কোনো দুৰ্বৃত্তই স্প্ৰে’ৰ সহায়ত "$2K," "Cancel rent!" আৰু "We want everything" ইত্যাদি লিখি থৈ যোৱাৰ পৰিৱৰ্তে শনিবাৰে মিকানলৰ লুইভিলৰ বাসগৃহক গ্ৰাফিটিৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয় ৷ মিকানলৰ বাসগৃহৰ সন্মুখৰ দুৱাৰত দুৰ্বৃত্তই মোৰ টকা ক'ত বুলি লিখি থৈ যোৱাৰ উপৰিও খিৰিকীতো ৰঙ চটিয়াই থৈ যায় ৷
জানিব পৰা মতে বিগত বৰ্ষত হাউছৰ দুই ডেম'ক্ৰেটে এখন বিধেয়ক গৃহীত কৰিছিল যাৰ জৰিয়তে ষ্টিমুলাচ চেক 500 মাৰ্কিন ডলাৰৰ পৰা 2000 মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছিল ৷
এক বিবৃতিৰ জৰিয়তে মিকানলৰ কাৰ্যালয়ৰ এগৰাকী মুখপাত্ৰই নেতা গৰাকীৰ ঘৰত চলোৱা এই আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে ৷ বিবৃতিটোত মিকানলে কয় যে, "মই মোৰ কৰ্মজীৱন প্ৰথমটো সংশোধনীৰ বাবে কটাই দিলো ৷ মোৰ সৈতে সন্মত ন'হলেও গণতান্ত্ৰিক প্ৰক্ৰিয়াত মোক লগ দিয়া প্ৰতিগৰাকী কেন্টাকিয়ানবাসীৰ প্ৰতি মই ধন্য ৷ এনেধৰণৰ আক্ৰমণ আৰু ভয়ৰ ৰাজনীতিৰ বাবে আমাৰ সমাজত কোনো স্থান নাই ৷" দুয়োখন চহৰৰ প্ৰশাসনে আক্ৰমণৰ সৈতে জড়িত সন্দেহজনক ব্যক্তি সকলক চিনাক্ত কৰাৰ বাবে গ্ৰাফিটি সমূহক লৈ তদন্ত অব্যাহত ৰাখিছে ৷
জানিব পৰা মতে মঙলবাৰে 500 মাৰ্কিন ডলাৰৰ পৰা 2000 মাৰ্কিন ডলাৰৰ আঁচনিৰ অধীনত হিতাধিকাৰী সমূহলৈ আগবঢ়োৱা আৰ্থিক সাহাৰ্য বৃদ্ধি কৰাৰ বাবে সংযুক্ত ৰাষ্ট্ৰৰ হাউছ অৱ ৰিপ্ৰেজেনন্টেটিভে ভোট প্ৰদান কৰে ৷ ডেম'ক্ৰেট নিয়ন্ত্ৰিত চেম্বাৰে বিধেয়ক খন 40 ৰো অধিক ৰিপাব্লিকানৰ সহায়ত গৃহীত কৰে কৰে যদিও ৰিপাব্লিকানৰ দ্বাৰা নিয়ন্ত্ৰিত চিনেটে সংযুক্ত ৰাষ্ট্ৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কোৱাৰ পাছতো এই ক্ষেত্ৰত অনুমোদন দিবলৈ অস্বীকাৰ কৰে ৷
লগতে পঢ়ক:পাকিস্তানত গ্ৰেপ্তাৰ ২৬/১১ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড জাকিৰ-উৰ-ৰহমান লাখৱী