ইন্টাৰনেশ্বনেল ডেস্ক, 22 ছেপ্তেম্বৰ : পাকিস্তানৰ মানৱ অধিকাৰ কৰ্মী, গুলালাই ইছমাইল পলাই সাৰিবলৈ সক্ষম হ'ল আমেৰিকালৈ ৷ বন্ধুৰ সহযোগত শ্ৰীলংকা হৈ আমেৰিকালৈ পলাই সাৰিলে ইছমাইল ৷ আফগান সাংবাদিক বাচিৰ আহমেদ গুৱাখৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ মন্তব্য কৰিছিল যে, তেওঁ প্ৰায় 6 মাহ ধৰি পাকিস্তানত লুকাই আছিল ৷ ইয়াৰ পাছতে বন্ধুৰ সহযোগত শ্ৰীলংকালৈ পলাই যাই তেওঁ ৷ তাৰ পাছতে আমেৰিকালৈ উৰা মাৰে গুলালাই ইছমাইল ৷
দেশদ্ৰোহী ঘোষিত পাকিস্তানৰ মানৱ অধিকাৰ কৰ্মীৰ আমেৰিকালৈ পলায়ন - ফেছবুক আৰু টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ
পাকিস্তানৰ মানৱ অধিকাৰ কৰ্মী, গুলালাই ইছমাইল পলাই সাৰিবলৈ সক্ষম হ'ল আমেৰিকালৈ ৷ বন্ধুৰ সহযোগত শ্ৰীলংকা হৈ আমেৰিকালৈ পলাই হাৰিলে ইছমাইল ৷ পাকিস্তানৰ সামৰিক বাহিনীৰ দ্বাৰা দেশখনৰ মহিলাৰ ওপৰত সংঘটিত হৈ থকা যৌন নিৰ্যাতনৰ বিষয়ে মুখ খুলিছিল গুলালাই ইছমাইলে ৷
উল্লেখ্য যে, পাকিস্তানৰ সামৰিক বাহিনীৰ দ্বাৰা দেশখনৰ মহিলাৰ ওপৰত সংঘটিত হৈ থকা যৌন নিৰ্যাতনৰ বিষয়ে মুখ খুলিছিল গুলালাই ইছমাইলে ৷ সামৰিক বাহিনীৰ এই অত্যাচাৰৰ বিৰুদ্ধে মুখ খোলাৰ পাছতে তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ অভিযোগ অনা হৈছিল ৷ চলিত বৰ্ষৰে জানুৱাৰী মাহত ইছমাইলে ফেছবুক আৰু টুইটাৰৰ জৰিয়তে সামৰিক বাহিনীৰ দ্বাৰা পাকিস্তানী মহিলা নিৰ্যাতিত হোৱাৰ তথ্য প্ৰকাশ কৰিছিল ৷ ইয়াৰোপৰি, মঞ্জুৰ পাছটিনৰ নেতৃত্বত প্ৰচলিত পাছটুন আন্দোলনতো অংশগ্ৰহণ কৰিছিল এইগৰাকী মানৱ অধিকাৰ কৰ্মীয়ে ৷ এই আন্দোলনৰ পাছতে পাকিস্তানৰ সামৰিক বাহিনীৰ মূৰৰ কামোৰণিত পৰিণত হৈছিল গুলালাই ইছমাইল ৷